top of page
  • Writer's pictureTimeline Asom

বৈষ্ণৱ পণ্ডিত শ্ৰী শ্ৰী মাজুলী কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ড০ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ পৰলোক।।






                  

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ একান্ত অনুৰাগী সাম্প্ৰতিক অসমৰ এগৰাকী অপ্ৰতীম বৈষ্ণৱ পণ্ডিত প্ৰজ্ঞা-প্ৰতীতি মনীষা-মহত্ব ড০ নাৰায়ণ চন্দ্ৰ গোস্বামী প্ৰভূজনাৰ আৰু আমাৰ মাজত নাই।তেখেতৰ শাৰীৰিক অসুস্হতাৰ বাবে সমগ্র মাজুবাসীয়ে চৰম উদ্বীগ্নতাৰে কাল অতিবাহিত কৰিছিল।দীৰ্ঘদিন যকৃতৰ ৰোগত ভুগি থকা সত্ৰাধিকাৰ গৰাকী প্ৰথমে গুৱাহাটীৰ নেমকেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ থকাৰ পাছত তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱে বিশেষ তৎপৰতা গ্ৰহণেৰে সত্ৰাধিকাৰ গৰাকীক দিল্লীৰ গংগাৰাম হস্পিতালত চিকিৎসা কৰোৱাৰ পাছত পুনৰ গুৰুতৰ ভাৱে অসুস্থ হৈ পৰাত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নেমকেয়াৰ হস্পিতাললৈ নি দীৰ্ঘদিন চিকিৎসাধীন কৰি ৰখাৰ পাছত আজি পুৱা ৯-৩০ বজাত তেখেতে সকলো গুণমুগ্ধকে শোক সাগৰত পেলাই থৈ ইহ সংসাৰৰ পৰা পৰলোকপ্ৰাপ্তি হয়।


    অসমীয়া ভাষা সাহিত্য আৰু সংস্কৃতিৰ প্ৰতি প্ৰভুজনাই আগবঢ়োৱা অনবদ্য অৱদান সমগ্র অসমৰ বাবেই আপুৰুগীয়া সম্পদ।তেখেতৰ সাহিত্য কৃতিয়ে অসম তথা ভাৰতৰ পৰিসীমা অতিক্ৰম কৰি বিশ্বৰ বৌদ্ধিক ক্ষেত্ৰখনতো এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল।সত্ৰ সমূহত সততে দেখা পোৱা মধ্যযুগীয় সংকীৰ্ণতাৰ পৰা বহু যোজন দূৰত অৱস্হান কৰি নিৰৱছিন্নভাৱে শংকৰদেৱ চৰ্চাত ব্ৰতী হৈ থকা এইগৰাকী পণ্ডিত প্ৰবৰৰ অমূল্য সাহিত্যকৃতি হৈছে সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণৰেখা(১৯৮৪)ব্ৰজাৱলী ভাষাৰ ব্যাকৰণ আৰু অভিধান(১৯৯০),কীৰ্তন ঘোষা আৰু নাম ঘোষাৰ তত্ত্বাৰ্থ সমীক্ষা(১৯৯৬),সত্ৰীয়া নৃত্যৰ ব্যাকৰণ, সচিত্ৰ অংকাৱলী আৰু গীতা,মহাভাৰত,ভাগৱত,কীৰ্তন ,নামঘোষা ৰ সম্পাদনা, শ্ৰীমন্ত শঙ্কৰদেৱৰ সাহিত্যৰ মৌলিকতা বিচাৰ(প্ৰস্তাৱিত ৬ টা খণ্ডৰ ৩ টা প্ৰকাশিত)।শেহতীয়াকৈ মূল বাল্মিকী ৰামায়ণৰ শ্লোকৰ পদ্যানুবাদেৰে অসমীয়া সাহিত্য জগতলৈ অতুলনীয় অৱদান আগবঢ়াইছিল।গূৰুত্বপূৰ্ণ কথা হৈছে মহান পণ্ডিত গৰাকীয়ে অসুস্থ অৱস্থাতো মূল মহাভাৰতৰ শ্লোকৰ অনুবাদৰ কামো তেখেতে একাগ্ৰতাৰে কৰি গৈছিল৷উল্লেখযোগ্য যে প্ৰসিদ্ধ সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়া সাহিত্য সভাৰ সভাপতি হৈ থাকোঁতে প্ৰভূৱে সভাপতি দেৱৰ অনুৰোধ মৰ্মে শঙ্কৰদেৱ ৰচনাৱলীৰ সম্পাদনাৰ  কাম সম্পন্ন কৰি সভাক অৰ্পণ কৰিছিল যদিও পৰিতাপৰ কথা উক্ত ৰচনাৱলীয়ে আজিপৰ্যন্ত প্ৰকাশৰ মুখ দেখা নাপালে।


      শ্ৰীমন্ত শংকৰদেৱ বঁটা,ডিলিট সন্মান,সংগীত নাটক অকাডেমি বঁটাকে ধৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সন্মান লাভ কৰি অসমীয়াৰ গৌৰৱ আৰু স্বাভিমানৰ ধ্বজা বহন কৰা পণ্ডিত গৰাকীৰ নিৰহংকাৰী সৰল জীৱন-যাপন সকলোৰে বাবে এটি বিৰল আদৰ্শ হৈ ৰ'ব।


      এইগৰাকী পুণ্যাত্মা,বিৰল প্ৰতিভাৰ অধিকাৰী পণ্ডিতৰ বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।তদুপৰি মাজুলীবাসীৰ লগতে শ্ৰী শ্ৰী মাজুলী কমলাবাৰী সত্ৰৰ বৈষ্ণৱ বৃন্দ,সকলো সত্ৰানুষ্ঠান,মাজুলী জিলা সাহিত্য সভা,মাজুলী জিলা সাংবাদিক সন্থা,গড়মূৰ প্ৰেছ ক্লাৱ,মাজুলী জিলা আপকু,কলা সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান সাঁচিপাত, পদক্ষেপ,মাজুলী জিলা কবি সন্মিলন,মাজুলী জিলা লেখিকা সমাৰোহ সমিতি আদি অনুষ্ঠানৰ লগতে বিভিন্ন ব্যক্তি, দল-সংগঠন শোকাহত হৈ সকলোৱে গভীৰ শ্ৰদ্ধা জনাই প্ৰভুজনাৰ বিদেহাত্মাৰ চিৰশান্তি কামনা কৰিছে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন,

টাইমলাইন অসম।

63 views0 comments

Comentarios


bottom of page