top of page

মই জুবিন গাৰ্গে কৈছোঁ

Writer's picture: Timeline AsomTimeline Asom

- মৃদুল বড়াৰ প্ৰতিবেদন টাইম লাইন অসম


বেণ্ড এম্বেছেডৰ মই হোৱাই নাই ,অসম চৰকাৰৰ ফালৰ পৰা সেই প্ৰস্তাৱ অহা নাই আহিলেও মই এই কাম নকৰোঁ।

এতিয়া অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ নহয় জুবিন গাৰ্গ। জুবিন গাৰ্গক অসম চৰকাৰৰ কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ হবলৈ আহ্বান জনাইছিল কৃষি বিভাগে। জুবিন গাৰ্গৰ উক্ত কাৰ্যকলৈ বিভিন্ন মহল ত তুমুল চৰ্চা অব্যাহত থকাৰ মুহুৰ্ততে শুক্ৰ বাৰে সকলোকে আচৰিত কৰি জুবিন গাৰ্গে সংবাদ পত্রত ব্যক্ত কৰিলে নিজৰ নতুন সিদ্ধান্তৰ কথা । কি কলে জুবিন গাৰ্গে ? আহক সবিশেষ জানি লও....... মোৰ চিধা কথা,মই ব্ৰেণ্ড এম্বেছেডৰ নহওঁ। "কা" বিৰুদ্ধে আকৌ আন্দোলন কৰিম। যি সকল শিল্পীয়ে ৰাজনৈতিক দলত যোগদান কৰিলে তেওঁলোকৰ বিষয়ে মোৰ বিশেষ ক'বলগীয়া নাই। সেইটো তেওঁলোকৰ ব্যক্তিগত কথা,মই একো মাত নামাতো । মই মোৰ নিজৰ কাম কৰি যাম। তেওঁলোকে কথাবোৰ ব্যক্তিগত ভাৱে কেনেদৰে ভাবিছে মই নাজানো। "কা" আন্দোলনতো বহুতে মোক বহু কথা কৈছিল। মই নন পলিটিকেল' মানুহ । মই পলিটিক্স নকৰো। সেই বাবেই মই লিখিছিলোঁ, গাইছিলোঁ - পলিটিক্স নকৰিবা বন্ধু। মই অসমত থাকি, অসমৰ সাধাৰণ মানুহৰ লগত থাকি ৰাইজৰ বাবে কাম কৰি যাম। "কা" আন্দোলন মই নি:স্বাৰ্থভাৱে কৰিছিলো। সেইতো মোৰ কৰ্তব্য আছিল। "কা" অসম আৰু অসমীয়া বিৰোধী হোৱাৰ লগতে সংবিধান বিৰোধী হোৱাৰ বাবেই মই "কা" ৰ বিৰোধিতা কৰিছিলোঁ। মোৰ চিধা কথা...আছুৰ লগত আন্দোলন কৰিছিলোঁ। শিল্পী সমাজৰ বেছি ভাগেই আন্দোলনত জড়িত হৈ পৰিছিল। এতিয়াও মোৰ লগতে বেছি ভাগৰে "কা" বিৰোধিতা অব্যাহত আছে। স্থিতি সলনি হোৱা নাই । কৰণা পৰিস্থিতিৰ বাবে ৰাজহুৱা আন্দোলন কৰিব পৰা হোৱা নাই যদিও চছিয়েল মিডিয়া আৰু ব্যক্তিগত পৰ্যায়ত আন্দোলন চলিয়েই আছে। "কা" বাতিল নোহোৱা পৰ্যন্ত আন্দোলন চলি থাকিব। "কা" আন্দোলনত জড়িত হোৱাৰ সময়ত মোৰ যি স্থিতি,সেই স্থিতি সলনি হোৱা নাই। ভবিষ্যতেও নহয়। চৰকাৰৰ বেয়া কামৰ বিৰোধিতা আৰু ভাল কামৰ প্ৰশংসা কৰাটো আমাৰ দায়িত্ব। সমাজৰ আহ্বানত,জাতিৰ আহ্বানত,মাতৃভুমিৰ আহ্বানত "কা" বিৰোধী আন্দোলন ভাগ লৈছিলোঁ। সেয়া জাতি আৰু জাতীয়তাবাদৰ প্ৰতি মোৰ দায়িত্ব। সেই খিনি কৰিলোঁ। আগলৈও কৰি যাম। এতিয়া "কা" আহিলে আকৌ হুলস্থুল কৰিম,আন্দোলন কৰিম। কেৱল এতিয়া আমি ৰাস্তালৈ ওলাব নোৱাৰোঁ। সমস্যাটো তাতেই হ'ল। বিপ্লব সদায় থাকিব এটা ভাল কামত যেতিয়া বিপ্লব কৰা হয়,সেই বিপ্লব কেতিয়াও কোনেও পদদলিত কৰিব নোৱাৰে। ভাল কথাত মাত মতাটো আমাৰ অধিকাৰেই। গতিকে সদায় মাত মাতি যাম। মোৰ চিধা কথা মই বেকাঁ বেকিকৈ কথা ক'ব নাজানো । ৰাজনীতিৰ ৰহন সানি কাম কৰিব নাজানো। ভাল যদি ভাল বেয়া যদি বেয়া । মই অসমৰ ৰাইজৰ কল্যাণৰ বাবে যি কৰিব লাগে তাকেই কৰিম,যলৈ যাব লাগে তালৈকে যাম। সেইবোৰ কথাত কোনোবাই অনৰ্থক কিবা কিবি কৈ থাকিলে মই গুৰুত্ব নিদিওঁ। মোক সন্দেহ কৰাৰ থ'ল নাই। মোৰ জীৱনটোৱেই এখন খোলা কিতাপৰ দৰে। মোক সমালোচনা কৰিব লগীয়া কি আছে? ব্ৰেণ্ড এম্বেছেডৰ মই হোৱাই নাই মানুহে ভুলকৈ ভাবিছে। চৰকাৰৰ ফালৰ পৰা সেই প্ৰস্তাৱ অহা নাই। আহিলেও মই এই কাম নকৰো *অসম চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা মোক কেৱল কৈছে যে যিহেতু মই খেতি বাটিত লাগিছোঁ। গতিকে তেওঁলোকৰ আচনিবোৰ কামবোৰ প্ৰমোট কৰিব লাগে এইখিনিয়েই কথা। সেইতো ব্ৰেণ্ড এম্বেছেডৰ নহয়।

Comments


OUR PROGRAM
bottom of page