top of page
Writer's pictureTimeline Asom

Social Timeline - Humanity

এতিয়াওঁ জীয়াই আছে মানৱতা

ইয়াতকৈ ভাল উদাহৰণ আৰু কি হ'ব পাৰে। শিৱসাগৰৰ এগৰাকী মুছলমান যুৱতীয়ে এজন হিন্দু যুৱকৰ মৃতদেহ দাহ কৰি এক অনন্য উদাহৰণ দাঙি ধৰিলে। যিটো সময়ত একাংশ বিভেদকামী শক্তিয়ে হিন্দু-মুছলমানৰ মাজত থকা যাউতিযুগীয়া সম্প্ৰীতিৰ এনাজৰীডাল চিঙি থানবান কৰিব বিচাৰিছে, ঠিক সেই সময়তে হিন্দু যুৱক এজনৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰি মানৱতাৰ উৎকৃষ্ট নিদৰ্শন দেখোৱালে শিৱসাগৰৰ মুছলমান ছোৱালী মুছকান বেগমে। আচলতে এইয়াই মানৱতা, ইয়াই উদাৰতা আৰু এয়াই হৈছে ভাৰতীয় বৈশিষ্ট্যতা। আবহমান কালৰে পৰা এইখন দেশত হিন্দু-মুছলমান একেলগে বৰ মিলাপ্ৰীতিৰে বসবাস কৰি আহিছে। বিহু, ঈদ, পুজা-পাৰ্বন, বিয়া, সকাম আদি অনুষ্ঠানত পৰস্পৰে পৰস্পৰক সহায়, সাহায্য আৰু সহযোগীতা কৰি আহিছে। ইজনে সিজনৰ সুখ-দুখৰ সমভাগী হোৱাটো সৰ্বজনবিদিত। তেনেস্থলত একাংশই সমাজত বিদ্বেষ ভাৱ বিয়পোৱাই দি একো কৰিব নোৱাৰে। আমি সকলোৱে এক হৈ আমাৰ সুজলা সুফলা শস্য শ্যামলা দেশখনক আগুৱাই নিব লাগিব। দেশৰ একতা, শান্তি আৰু প্ৰগতিৰ স্বাৰ্থত আমি ধৰ্ম, জাত-পাতৰ নিকৃষ্ট মানসিকতা সলনি কৰি সমাজৰ আমোল পৰিৱৰ্তন কৰিব লাগিব। আমাৰ সাৰ্বভৌম ভাৰতবৰ্ষৰ অখণ্ডতা আৰু বিশ্বত জাকত জিলিকা প্ৰগতিশীল ৰাষ্ট্ৰ গঢ়াৰ নিমিত্তে আমি ভেদাভেদ পাহৰি একগোট হবই লাগিব। আমেৰিকা, চাইনা, ৰাছিয়া, ফ্ৰান্স আৰু ব্ৰিটেইনৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ সৈতে ফেৰ-মাৰিব পৰাকৈ শক্তি আহৰণ কৰিবলৈ হলে আমি সাম্প্ৰদায়িকতাবাদৰ চক্ৰবেহুৰ পৰা ওলাই আহি আহোপুৰুষাৰ্থ কৰিব লাগিব। এশ তেত্ৰিশ কোটি জনসংখ্যাৰ দেশ ভাৰতবৰ্ষৰ অৰ্থনীতি টনকিয়াল কৰাৰ লগতে আমাৰ নৱপ্ৰজন্মক মানৱ সম্পদৰূপে গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। কৰ্মবিমূখ হোৱা যুৱক-যুৱতীসকলক কৰ্মমূখী কৰি তুলিব লাগিব। বেকাৰত্ত নাইকিয়া কৰিবলৈ আমাৰ যুৱক-যুৱতীসকলক সৰুসুৰা উদ্যোগ গঢ়ি তুলিবলৈ আৰু হস্তশিল্পৰ প্ৰতি উৎসাহিত কৰিব লাগিব। তাৰোপৰি দেশ মেৰুদণ্ড স্বৰুপ কৃষকসকলৰ কাষত থিয় দি তেওঁলোকৰ মনোবল বৃদ্ধি কৰাত কৃপনালি কৰিব নালাগিব। তাকে নকৰি আমাৰ এচামে দেশখনক সেই আদিম যুগলৈ ঠেলি দিব বিচাৰিছে। কেৱল সেইটোৱেই নহয় অসহিষ্ণুতাৰ বাতাবৰণ সৃষ্টিৰে বিশ্ব সৰ্ববৃহৎ ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক দেশখনক বিশ্বদৰবাৰত বদনামী কৰাত উঠি পৰি লাগিছে যেন পাওঁ। এই ক্ষেত্ৰত মুছলমানো সমানেই জগৰীয়া। বিশেষকৈ বঙ্গমূলীয় মুছলমানৰ উদাসীনতাকো জগৰীয়া কৰিব পাৰি। বাল্যবিবাহ, বহুবিবাহ, অধিক বিবাহ, জন্ম নিয়ন্ত্রণ, পৰিস্কাৰ-পৰিচন্নতা আৰু লিখা-পঢ়াৰ ক্ষেত্ৰত মুঠেই সচেতন নহয় পুৰ্ব বঙ্গীয় মুছলমানসকল। তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাৰ মাত্ৰাও অধিক, যাৰ বাবে আজি ধৰ্ম, সমাজ তথা ৰাষ্ট্ৰ বদনামী হবলগীয়া হৈছে। অৱশ্যে বৰ্তমান যথেষ্টখিনি পৰিবতৰ্ন হৈছে আৰু আগলৈও পৰিবৰ্তনৰ এই যাত্ৰা নিশ্চিতভাৱে অব্যাহত থাকিব। মুছকান বেগমৰ দৰে লোক সমাজত থাকিলে আমাৰ পৰিবৰ্তন অৱশ্যম্ভাৱী। তদুপৰি কোনো বিভেদকামী শক্তিয়ে হিন্দু-মুছলমানৰ মাজত দুৰত্ব বৃদ্ধি কৰিব নোৱাৰিব। ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ অনন্য সৈনিক শিৱসাগৰ মুছকান বেগমে হিন্দু যুৱকজনৰ অন্ত‍্যোষ্টিক্ৰিয়া দাহ কৰি সমন্বয়ৰ এক বিৰল দৃষ্টান্ত দাঙি ধৰা কাৰ্যই আমাক সমাজৰ প্ৰতি থকা দায়িত্ববোধ আকৌ এবাৰ মনত পেলাই দিলে। এজনী ইছলাম ধৰ্মী ছোৱালী হৈয়ো মুছকান বেগমে শ্মশানত গৈ সম্পুৰ্ণ হিন্দু ধৰ্মীয় নিয়ম-নীতিৰে হিন্দু যুৱকজনক অন্তিম সংষ্কাৰ কৰাটো সাম্প্ৰতিক সময়ত এটা মহানুভৱতাৰ পৰিচায়ক হিচাপে বিবেচিত হৈছে। যিকি নহওঁক, আহক আমি সকলোৱে ঘৃণাৰ নীতি পৰিহাৰ কৰি ঐক্যবদ্ধ ভাৱে এখন সুন্দৰ, সুশৃংখল, স্বচ্ছ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত মনোনিবেশ কৰোঁ।—

লেখক - জুলহাছ আলী আহমেদ

জাগীৰোড, মৰিগাঁও (অসম)

দূৰভাষ : ৯৭০৬৬-৬৬১৯২

18 views0 comments

Comments


bottom of page