top of page

বৈষ্ণৱ পণ্ডিত শংকৰদেৱ বঁটাপ্ৰাপকড° নাৰায়ণ চন্দ্ৰ গোস্বামীৰ আশু আৰোগ্য কামনা

Writer's picture: Timeline AsomTimeline Asom

মাজুলী জিলা সাহিত্য সভাৰ উদ্যোগত বৈষ্ণৱ পণ্ডিত শংকৰদেৱ বঁটাপ্ৰাপক

ড° নাৰায়ণ চন্দ্ৰ গোস্বামীৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা সভা ।।



মাজুলী জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগন আৰু বিদায়ী সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়াৰ আহ্বান মৰ্মে আজি মাজুলীৰ সমূহ শাখা সাহিত্য সভাই পৃথকে পৃথকে এখনিকৈ বিশেষ প্ৰাৰ্থনা সভাৰ আয়োজন কৰে।

জটিল ৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ নেমকেয়াৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মাজুলী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, বৈষ্ণৱ পণ্ডিত, বিশিষ্ট সাহিত্যিক, সংগীত-নাটক অকাডেমী বঁটাপ্ৰাপক ড° নাৰায়ণ চন্দ্ৰ গোস্বামীৰ আশু আৰোগ্য কামনা কৰি সু-স্বাস্থ্যৰে মাজুলীলৈ উভটি অহাৰ কামনাৰে বহুকেইগৰাকী সাহিত্য সংগঠকৰ উপস্থিতিত গড়মূৰ চিভিল তিনিআলিত কেন্দ্ৰীয়ভাৱে সম্পন্ন হোৱা প্ৰাৰ্থনা সভাখনত বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক মাজুলী অধিৱেশন উদযাপন সমিতিৰ সাধাৰণ সম্পাদক ৰমেশ চন্দ্ৰ শইকীয়াই। মাজুলী জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সম্পাদক মনোজ্যোতি ৰেগনে আঁত ধৰা অনুষ্ঠানটিত গৱেষক-শিল্পী অমিয় কুমাৰ চিৰাং আৰু কণ্ঠশিল্পী ৰুণমণি শইকীয়াই সামূহিক স্তুতি বন্দনাৰ গুৰি ধৰি সম্পাদন কৰাৰ পিছতে সন্মিলিত শাখা সাহিত্য সভাৰ উপ-সভাপতি প্ৰদীপ বৰঠাকুৰ, উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সম্পাদক শংকুসিদ্ধ নাথ, স্বাস্থ্যকৰ্মী কৃষ্ণা বৰুৱাই সত্ৰাধিকাৰগৰাকীৰ লগতে মাজুলীৰ অন্য এগৰাকী শিল্পী-সংগঠক হেমচন্দ্ৰ দত্তৰো আশু আৰোগ্য কামনা কৰি চমু স্তুতি বক্তব্য প্ৰদান কৰে। আনহাতে উত্তৰ কমলাবাৰী শাখা সাহিত্য সভাৰ সভাপতি কনক চন্দ্ৰ বৰুৱা, গড়মূৰ শাখা সাহিত্য সভাৰ সভাপতি ভূপেন দত্ত, ৰামধেনু শাখা সাহিত্য সভাৰ সভাপতি আৰতি বৰা, ত্রিবেণী শাখা সাহিত্য সভাৰ সভাপতি উপেন বৰা, মধ্য মাজুলী শাখা সাহিত্য সভাৰ সভাপতি পৰাণজ্যোতি শইকীয়া, ৰঙাচাহী শাখা সাহিত্য সভাৰ সম্পাদক মহিম চন্দ্ৰ নাথ, পুৰণিবাৰী সমন্বয় শাখা সাহিত্য সভাৰ সম্পাদক গোলাপ চন্দ্ৰ নাথ প্ৰমুখ্যে বিভিন্নজনে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰি পৰম পিতা পৰমেশ্বৰৰ চৰণত সামূহিক প্ৰাৰ্থনা আগবঢ়াই দুয়োগৰাকী পুৰোধা ব্যক্তিৰ আশু-আৰোগ্য কামনা কৰে।


মাজুলীৰ পৰা

ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন

টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page