top of page

ব্যাপক হাৰত বৃদ্ধি পাইছে শিল, বালিৰ ছিণ্ডিকেট

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 1 min read

লকডাউন আৰু সান্ধ্য আইনৰ সুযোগ লৈ হোজাইত ব্যাপক হাৰত বৃদ্ধি পাইছে শিল, বালিৰ ছিণ্ডিকেট ৷

ree

ree

এই দৃশ্য মন কৰক, এয়া হোজাই জিলাৰ দেৱস্থান, মোৰাঝাৰ, কৰৈয়নি আদি অঞ্চলৰ দৃশ্য । চাওঁক কেনেকৈ অত্যাধিক শিল, বালি কঢ়িওৱা ট্ৰাক, ডাম্পাৰ আদিয়ে ধ্বংস কৰিছে জিলাখনৰ ৰাস্তঘাট । কোটি কোটি টকাৰ ৰাজহ ফাঁকি দি ভুৱা চালান বনাই দিনে-নিশাই মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী গড়কাপ্টানী পথ আৰু কপাহবাৰী- কৰৈয়নি সংযোগী পথেৰে পাৰ হয় শিল বালি আদি কঢ়িওয়া শ শ ট্ৰাক আৰু ডাম্পাৰ । যাৰ বাবে গড়কাপ্টানী পথ সমূহৰ মাজত সৃষ্টি হৈছে পুখুৰী সদৃশ দ' গাত। কিন্তু ৰহস্যজনক ভাৱে এই সকলোবোৰ দেখিও কুম্ভকৰ্ণ নিদ্ৰাত হোজাই বনবিভাগ আৰু হোজাই জিলা পৰিবহণ বিভাগ ৷ অ'ভাৰ লোডৰ বালি, শিল কঢ়িওৱা ট্ৰাক, ডাম্পাৰৰ দৌৰাত্মৰ বাবে ভাঙি জৰাজীৰ্ণ হৈ পৰিছে মোৰাঝাৰ চৌধুৰী বজাৰ সংযোগী পথটোৰ সমান্তৰালকৈ কৰৈয়নি কপাহবাৰী সংযোগী পথ । অকল সেয়াই নহয়, মোৰাঝাৰ দেৱস্থান সংযোগী গড়কাপ্টানী পথটোৰো একেই অৱস্থা । দ্ৰুত গতিত চলোৱা অত্যাধিক শিল, বালি ভৰ্তি ট্ৰাক, ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে বিগত দিনবোৰত বহু নিৰীহলোকে অকাল মৃত্যুক আকোঁৱালি ল'বলগা হোৱাৰ পাছতো দায়িত্বত থকা বিভাগীয় বৰমুৰীয়াসকলৰ ভুমিকা নীৰৱ । এফালে জনতাৰ জন-জীৱন সুৰক্ষাৰ স্বাৰ্থত ৰাজ্যৰ গড়কাপ্তনী বিভাগে কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰি আছে গড়কাপ্তনী পথ। আনফালে বৃহৎ পৰিমাণৰ চৰকাৰী কৰ ফাঁকি দি অত্যাধিক শিল, বালি কঢ়িওয়া ট্ৰাক, ডাম্পাৰে ধ্বংস কৰিছে জিলাখনৰ ৰাস্তা -ঘাট৷


- ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইমলাইন অসম ।।

댓글


OUR PROGRAM
bottom of page