top of page
  • Writer's pictureTimeline Asom

বানৰ কবলত বৰপেটাৰ ৪৯৬ খন গাও

৩,০৪, ১৪৮ জন লোক ক্ষতিগ্ৰস্থ ৷২৫,১৩৩ হেক্টৰ কৃষিভূমিৰ বিস্তৰ ক্ষতি ।



বৰপেটাৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে । জিলাখনৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ, নখান্দা, পল্লা, পহুমাৰা, বুঢ়াদিয়া, কালদিয়া, চাউলখোৱা আদি প্ৰতিখন নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে ৷ বৰপেটা জিলাৰ মাজেৰে যোৱা ব্ৰহ্মপুত্ৰ নৈৰ পানী আজিও বিপদসীমাৰ প্ৰায় ১ মিটাৰ ওপৰেৰে বৈ আছে ৷ ব্ৰহ্মপুত্ৰকে ধৰি জিলাখনৰ প্ৰায়বোৰ নদীৰ বাঢ়নি পানীয়ে বিস্তৃত অঞ্চল প্লাৱিত কৰি তুলিছে ৷ ইতিমধে বৰপেটাৰ ৪৯৬ খন গাও বানৰ কবলত পৰিছে ৷ জিলা প্ৰশাসনৰ তথ্য অনুসৰি বৰপেটাৰ ৩,০৪, ১৪৮ জন লোক বানৰ কবলত পৰিছে ৷



আনহাতে বৰপেটাৰ ২৫,১৩৩ হেক্টৰ কৃষিভূমি বানত ডুব গৈছে ৷ জিলাখনৰ হেজাৰোধিক গাৱৰ বাটপথ বানত ডুব গৈছে ৷ ইতিমধ্যে বৰপেটা-হাউলী সংযোগী পথৰ ওপৰেৰে বাগৰিছে পানী ৷ বৰপেটা-হাউলী-বৰপেটাৰোড চহৰ সংযোগী পথটোৰ ডাবালিয়াপাৰা অংশত পথৰ ওপৰেৰে পানী বাগৰিবলৈ লোৱাত যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সৃষ্টি হৈছে ৷ আনহাতে জিলাখনৰ কেবাহাজাৰ পৰিয়ালৰ ঘৰ দুৱাৰ জলমগ্ন হৈ পৰাৰ ফলত জিলাখনৰ বানাক্ৰান্ত লোকসকল ভীষণ সমস্যাৰ সন্মুখীন হৈছে ৷ খেতিপথাৰ, গাও ভূই বানত ডুব যোৱাৰ ফলত বানাক্ৰান্ত অঞ্চল সমুহৰ গৰু, ছাগলীকে ধৰি পশুধন সমুহ খাদ্যৰ সংকটত ভূগিছে ৷


বৰপেটাৰ পৰা ধ্ৰুৱজ্যোতি দাস, টাইমলাইন অসম

6 views0 comments

Kommentare


OUR PROGRAM
bottom of page