top of page

বানাক্ৰান্তলৈ ৰাজ্যিক পশু চিকিৎসা বিভাগৰ সাহায্য বিতৰণ ।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

অসমৰ বিভিন্ন জিলাৰ লগতে নগাঁও জিলাৰ উত্তৰ অঞ্চলত বানপানীৰ বাবে ভয়ংকৰ ৰূপত ক্ষতিসাধন হৈছে ।এফালে যদি বানৰ মাজত হাঁহাকাৰ পৰিস্থিতি আনফালে আকৌ যেনেতেনে প্ৰান ৰক্ষা কৰি পশুধন লৈ ৰাস্তাৰ মাজতে শিবিৰ পাতিবলগা হৈছে বানাক্ৰান্তই । মানুহৰ খাদ্য-সামগ্ৰীৰ অভাৱৰ লগতে গৰু, মহ, ছাগলীক জীয়াই ৰখাৰ চিন্তা ।

সততে এতিয়া দেখিবলৈ পোৱা এনে দৃশ্য নগাঁও জিলাৰ বৃহত্তৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও, অঞ্চল আৰু চৰ চাপৰিবোৰৰ ।

কালি ধিং ৰাজহ চক্ৰৰ অধীনস্থ ৰাজ্যিক পশু চিকিৎসা বিভাগৰ কৰ্মচাৰীযে ১নং কান্ধুলীমাৰী, ২নং কান্ধুলীমাৰী, মহখুটি, বৰবিল , বৰবিল কছাৰীবৰি, গটিকৰাৰ লগতে বহুতো গাঁৱত চৰকাৰী দানা বিতৰণৰ লগতে ক'ভিড-১৯ সম্পৰ্কেও সজাগতা আঁচনি ৰূপায়ণ কৰে স্হানীয় গাঁওবুঢ়াৰ সহযোগত ।

- বৰঙাবাৰীৰ পৰা জুলফিকাৰ আলীৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page