লখিমপুৰ জিলাৰ পূৱ-তেলাহীৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি জয় প্ৰকাশ দাসৰ ।
![](https://static.wixstatic.com/media/f16afa_deb7fd0fb1754ea5aa9c7c9d9c835da1~mv2.jpg/v1/fill/w_980,h_552,al_c,q_85,usm_0.66_1.00_0.01,enc_auto/f16afa_deb7fd0fb1754ea5aa9c7c9d9c835da1~mv2.jpg)
সমগ্ৰ অসমত এফালে কৰ'ণা ভাইৰাছৰ আতংক আনফালে বান তথা গৰাখহনীয়াৰ আতংক । লখিমপুৰ জিলাৰ পূৱ-তেলাহীৰ সোৱণশিৰি নদীৰ ভয়ংকৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয় জয় প্ৰকাশ দাসে। জাতি-মাটি-ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰৰ দিনতে বান আৰু গৰাখহনীয়াৰ কবলত পৰি খিলঞ্জীয়াই হেৰুৱাইছে মাটি-ভেটি । ইয়াকে লৈ বৰ্তমান চৰকাৰৰ বিপক্ষে গৰজি উঠিছে লখিমপুৰ জিলা কংগ্ৰেছৰ সভাপতি জয় প্ৰকাশ দাস । তাৰোপৰি তেওঁ কয়-- বান আৰু গৰাখহনীয়াত আক্ৰান্ত লোকসকলক চৰকাৰ তথা প্ৰশাসনে কোনোধৰণৰ সাহাৰ্য প্ৰদান কৰা নাই । গতিকে অতি সোনকালে এই ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক।
বগীনদীৰ পৰা
ভূৱন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।।
Comments