top of page

বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সদৌ তিৱা ছাত্ৰ সন্থাই তৰিলে গোচৰ ।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 2 min read

কেইবাটাও তিৱা জনগোষ্ঠীয় সংগঠনৰ পৰস্পৰ-বিৰোধী মন্তব্য ।। বিধায়ক ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে সদৌ তিৱা ছাত্ৰ সন্থাই তৰিলে গোচৰ ।

ree

মধ্য অসমৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী হৈছে তিৱা জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকলৰ উন্নয়নৰ স্বাৰ্থত ১৯৯৫ চনতেই তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে হিতেশ্বৰ শইকীয়াই তিৱা স্বায়ত্ব পৰিষদখন অনুমোদন দিছিল যদিও পৰৱৰ্তী সময়ত এই পৰিষদখন একাংশ নেতা-পালিনেতাৰ বাবে সোণৰ কণী পৰা হাঁহলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হয়। সুদীৰ্ঘকাল চলি থকা লুণ্ঠনৰাজৰ পৰা পৰিত্ৰাণ বিচাৰি তিৱা জনগোষ্ঠীৰ জাতীয় সংগঠনৰ দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আন্দোলন কৰাৰ লগতে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত পূৰ্বতেও একাধিক গোচৰ তৰাৰ ফলশ্ৰুতিত মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ গোটৰ দ্বাৰাও তদন্ত চলিছিল । বৰ্তমান সময়ত তিৱা সংগ্ৰামী নেতা অনিল ফামজং ওৰফে অনিল ঠাকুৰীয়াই তৰা PS case no. 334/20 গোচৰৰ ভিত্তিত বিভিন্নধৰণৰ জালিয়াতিৰে কাম নকৰাকৈয়ে বিভিন্ন আঁচনিৰ নামত পৰিষদলৈ আবন্টিত ধন আত্মসাৎ কৰাৰ অভিযোগত জামিনবিহীন ধাৰাত অভিযুক্ত তথা তিনিবাৰকৈ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে অগ্ৰিম জামিন নাকচ কৰি গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল তিৱা স্বায়ত্ব পৰিষদৰ বৰ্তমানৰ CEM পৱন মান্তা, কনিষ্ঠ অভিযন্তা প্ৰাঞ্জল বড়া আৰু ঠিকাদাৰ বিদ্যুত ঠাকুৰৰ নামত যদিও বৃহস্পতিবাৰে মৰিগাঁও আৰক্ষী অধীক্ষক নন্দ সিং বৰকলাৰ নিৰ্দেশনাৰ ভিত্তিত এজন অভিযুক্ত (বিদ্যুত ঠাকুৰ)ক গ্ৰেপ্তাৰ কৰি তদন্তৰ খাতিৰত আৰক্ষীৰ জিম্মাত লয় যদিও বাকী অভিযুক্ত দুজনক বৰ্তমানেও গ্ৰেপ্তাৰ নকৰাত "তিৱা যুৱ ছাত্ৰ পৰিষদ"ৰ সম্পাদক কৃষ্ণ কোঁৱৰ, "তিৱা সুৰক্ষা সমিতি"ৰ সম্পাদক প্ৰশান্ত বৰদলৈ আৰু "সদৌ তিৱা ছাত্ৰ সন্থা"ৰ সম্পাদক বাবুল বৰদলৈ সমন্বিতে সংগঠনকেইটাৰ কেইবাজনো সদস্য‌ই প্ৰেছ বিবৃতি যোগে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়াৰ লগতে অতিশীঘ্ৰে আন দুজন অভিযুক্তকো কৰায়ত্ব কৰিবলৈ আৰক্ষী অধীক্ষকক আহ্বান জনায়।

ree

আনহাতে সদৌ তিৱা ছাত্ৰ সন্থাৰ সম্পাদক চেনিৰাম মালাং আৰু সভাপতি ধৰ্মচিং বৰদলৈৰ গোটটোৱে বৰ্তমানৰ BJPৰ বিধায়ক তথা পূৰ্বৰ তিৱা স্বায়ত্ব পৰিষদৰ CEM ৰমাকান্ত দেউৰী, মনক চন্দ্ৰ বৰদলৈ, হৰেন্দ্ৰ নাথ ব্ৰহ্ম, অনিল ঠাকুৰীয়া আৰু হেমেন ডেকাই তিৱা স্বায়ত্ব পৰিষদৰ উন্নয়ন পুঁজিৰ memo no. TAC/WPTQBC(Domal)670/2015-16/11নং হুকুমৰ জৰিয়তে ১০লাখ টকা, memo no. TAC/ WPTQBC (Domal)670/2015-16/11 মতে ১০ লাখ টকা, memo no. TAC/Tourisum/675/2015-16/11-A হুকুম মতে ১০ লাখ আৰু memo no. TAC/DF/685/2015-16/8-A মতে ১০ লাখ টকাকে আদি কৰি মুঠ ৪০ লাখ টকা নিৰ্মাণ সমিতিৰ নামত আত্মসাৎ কৰাৰ অভিযোগত মৰিগাঁও সদৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমান সময়লৈকে অভিযুক্তসকলক গ্ৰেপ্তাৰ নকৰাত সংগঠনটোৰ নেতৃত্ব‌ই উদ্বেগ প্ৰকাশ কৰিছে।


- মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
OUR PROGRAM
bottom of page