top of page

বিতৰণ কৃষি বিভাগ আৰু মহকুমা প্ৰশাসনৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 23, 2020
  • 1 min read

ঢকুৱাখনাৰ বানপীড়িত কৃষকক উন্নত জাতৰ ৰঞ্জিত ধানৰ কঠীয়া বিতৰণ কৃষি বিভাগ আৰু মহকুমা প্ৰশাসনৰ ।।

উপৰ্যুপৰি কেইবাটাও বানে খেতিপথাৰ নষ্ট কৰি জুৰুলা কৰা ঢকুৱাখনাৰ সহস্ৰাধিক কৃষক পৰিয়ালক পুনৰ কৃষিকাৰ্যত জড়িত হোৱাৰ বাবে উৎসাহ দিবলৈ ঢকুৱাখনাৰ মহকুমা কৃষি বিভাগ আৰু প্ৰশাসনে গ্ৰহণ কৰিছে পানীত ১০/১৫ দিন ডুব গৈ থাকিলেও নমৰা উন্নত জাতৰ ৰঞ্জিৎ চাব-১ ধানৰ কঠীয়া যোগান ধৰাৰ আঁচনি।

ইয়াৰ অংশৰূপে আজি দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ পূঁজিৰে ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ উদ্যোগত ৫ হেক্টৰ মাটিত স্থাপন কৰা কঠীয়াতলীৰ পৰা ৰঞ্জিৎ-

চাব-১ ধানৰ কঠীয়া ৩৭৫জন বানপীড়িত কৃষকক ৰুবৰ বাবে বিতৰণ কৰা হয় মূৰ্তীয়া অঞ্চলত।

কৃষকসকলক ৰঞ্জিৎ চাব-১ ধানৰ সেউজ কঠীয়া বিতৰণ কৰে ঢকুৱাখনাৰ মহকুমাধিপতি

অৰিন্দম বৰুৱাই। অনুষ্ঠানত উপস্থিত থাকে ঢকুৱাখনা মহকুমা কৃষি বিষয়া গৌতম চন্দ্ৰ ডেকা, কৃষি উন্নয়ন বিষয়া সুশীল বৰুৱা, দীপজ্যোতি চুতীয়া আৰু মন্দিৰা বৰবৰাকে আদি কৰি কেইবাজনো বিষয়া-কৰ্মচাৰী ।

মহকুমা কৃষি বিষয়াই জনোৱামতে জালভাৰী,

গোবিন্দ আৰু মুৰ্তীয়া এই তিনি ঠাইত কেইবাটাও স্থানত ৰঞ্জিৎ চাব-১ৰ কঠীয়া মুঠ ১৫ হেক্টৰ মাটিত পৰা হৈছে বানপীড়িত কৃষকক যোগান ধৰাৰ বাবে।

- ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page