top of page

বোকাখাতত অগপ-বিজেপি কৰ্মীৰ অসন্তুষ্টি

Writer's picture: Timeline AsomTimeline Asom

বোকাখাতত অগপ-বিজেপি কৰ্মীৰ অসন্তুষ্টি । গৃহ সমষ্টিতে অস্তিত্বৰ সংকটত অগপৰ সভাপতি অতুল বৰা ।।


◾ কেৱল প্ৰতিশ্ৰুতি আৰু আধাৰশিলাৰ ৰাজনীতিৰে ভোট কিনিব বিচৰা অগপৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতত খোদ মিত্ৰজোঁটত আৰম্ভ হৈছে মুকলি বিদ্ৰোহ ৷ সমষ্টি উন্নয়নত চূড়ান্তভাৱে ব্যৰ্থ হোৱা অতুল বৰাক স্বৈৰাচাৰী আখ্যাৰে ২০২১ত উফৰাবলৈ প্ৰস্তুতি চলাইছে বিজেপিয়ে ৷ আগন্তুক বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থিত্বৰ দৌৰত অৱতীৰ্ণ হোৱা বিজেপিৰ গোলাঘাট জিলাৰ সম্পাদক আকাশ ফুকনে কয় যে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে অগপ সভাপতি অতুল বৰাই বিজেপিকৰ্মীসকলক যি ধৰণে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, সেয়া কৰাৰ পৰা বিৰত থাকিল ৷ সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদি কেৱল আধাৰশিলাৰে ভোট কিনিব বিচৰা অতুল বৰাৰ বিৰূদ্ধে বিজেপি দলে দলৰ উচ্চস্তৰীয় কৰ্মকৰ্তাক অৱগত কৰিব বুলিও জনায় যুৱনেতা ফুকনে ৷ ইফালে, ৰাজ্যিক বিজেপিৰ এগৰাকী কৰ্মকৰ্তা অনিমেষ শইকীয়াৰ মতে, বিজেপিৰ তৃণমূল কৰ্মীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপৰ অতুল বৰাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ আহ্বান জনাইছে ৷ বিজেপিৰ গোলাঘাট জিলাৰ সভাপতি দেৱপ্ৰদীপ বৰাৰ মতে, বিগত পঞ্চায়ত নিৰ্বাচনত বিজেপি দলে বোকাখাত বিধান সভা সমষ্টিত ১০২ গৰাকী ৱাৰ্ড মেম্বাৰ, ২০ গৰাকী আঞ্চলিক সদস্যৰ ১৬ গৰাকীক বিজয়ী কৰোৱাই অনাৰ সমান্তৰালভাৱে চাৰিটা জিলা পৰিষদৰ সদস্যৰ আটাই কেইগৰাকীকে বিজয়ী কৰোৱাই আনিছে ৷ এনে প্ৰেক্ষাপটত অগপৰ গণভিত্তি নাইকিয়া হৈছে বুলি উল্লেখ কৰি আগন্তুক নিৰ্বাচনত কিবা কাৰণত অতুল বৰাক প্ৰাৰ্থিত্ব প্ৰদান কৰিলেও 'বিদায়' দিয়াৰ ইংগিত দিছে দেৱপ্ৰদীপ বৰাই ৷ ইপিনে, অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ বিৰূদ্ধে মিত্ৰজোঁট বিজেপিৰ মুকলি বিদ্ৰোহৰ মাজতে অগপৰ পৰা পদত্যাগ কৰিছে দলৰ আঞ্চলিক সমিতিৰ কেইবাগৰাকী বিষয়-ববীয়াই ৷ বোকাখাত আঞ্চলিকৰ নগৰ সমিতিৰ প্ৰেমধৰ শইকীয়া, প্ৰদীপ কুমাৰ বৰা, অগপৰ বোকাখাত টাউন আঞ্চলিকৰ সভানেত্ৰী তথা মহিলা নেত্ৰী সীমা বৰাকে ধৰি কেইবাগৰাকী বিষয়-ববীয়াই পদত্যাগ কৰিছে ৷ মন্ত্ৰী বৰাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈয়েই স্বয়ং অতুল বৰাৰ গৃহ সমষ্টি বোকাখাতৰ বহুকেইগৰাকী কৰ্মকৰ্তাই আঞ্চলিক দলটো ত্যাগ কৰাৰ অভিযোগ উঠিছে ৷ আমাৰ হাতত পৰা আন এক তথ্য মতে, সৌ সিদিনা কাজিৰঙাত মন্ত্ৰী হিমন্ত বিশ্বশৰ্মা আহোতে বোকাখাত সমষ্টিৰ জিলা পৰিষদৰ চাৰিওগৰাকী সদস্যই মিত্ৰজোঁট যদি থাকে তেন্তে বোকাখাতত অতুল বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ বিপৰীতে যুৱনেতা আকাশ ফুকনক প্ৰাৰ্থিত্ব দিবলৈ অনুৰোধ জনাইছে ৷ সমান্তৰালভাৱে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত উপস্থিত হৈ গগৈৰ স'তে গোপন বৈঠকত মিলিত হয়৷ যিয়ে অতুল বৰাক কিছু হ'লেও শংকিত কৰিছে৷ তদুপৰি, সৌ সিদিনা সাহায্যৰ টোপোলা লৈ ৰাইজৰ কাষ চাপিবলৈ যত্ন কৰা মন্ত্ৰী অতুল বৰাক স্বয়ং বোকাখাতৰ পৰাই ৰাইজে পহুখেদা দিয়াৰ সমান্তৰালকৈ অতুল বৰাৰ বিভিন্ন ৰাজনৈতিক চক্ৰান্ত, সাংগোপাংগৰ দ্বাৰা চলোৱা লুণ্ঠনৰাজ, সাহায্যৰ ৰাজনীতি ফাদিল কৰিছে জীপাল কৃষক-শ্ৰমিক সংঘই ৷ ইপিনে, পুনৰ সমষ্টি দখলৰ হেতু কংগ্ৰেছৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী দাদু টায়ে, জিতু শইকীয়া, তপন কৰ্মকাৰ আৰু মিনতি দলেই আশ্ৰয় শিবিৰবোৰত উপস্থিত হোৱাৰ উপৰিও বিভিন্ন ধৰণে ৰাইজৰ স'তে যোগাযোগ ৰাখিছে ৷ যাৰ বাবেই ২০২১ৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আশাৰে সম্প্ৰতি অতুল বৰাই আধাৰশিলাৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি গুৰুতৰ অভিযোগ উঠিছে ৷ ইপিনে, অগপ সভাপতিৰ সমষ্টি বোকাখাততে মিত্ৰজোঁট বিজেপিৰ মুকলি বিদ্ৰোহে অতুল বৰাৰ নিৰ্বাচনী বৈতৰণী অতিক্ৰম কৰাৰ ক্ষেত্ৰত যে অসুবিধাৰ সৃষ্টি হ'ব সেয়া একপ্ৰকাৰ খাটাং হৈ পৰিছে।


বোকাখাতৰ পৰা

পল্লৱ হাজৰিকাৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

6 views0 comments

Recent Posts

See All

Comentários


bottom of page