top of page

ফুলগুৰি শাখা কবি সন্মিলনৰ বৰ্ষপূৰ্তি

Writer's picture: Timeline AsomTimeline Asom

অনুষ্টুপীয়াকৈ আয়োজন প্ৰতিষ্ঠা দিৱসৰ



সদৌ অসম কবি সন্মিলনৰ অন্তৰ্ভুক্ত নগাঁও জিলা কবি সন্মিলনৰ অন্তৰ্গত ফুলগুৰি শাখা কবি সন্মিলনৰ আজি এবছৰ পূৰ্ণ হয় । সাম্প্ৰতিক পৰিস্থিতিত লক-ডাউনৰ বাবে একান্তই অনুষ্টুপীয়াকৈ প্ৰতিষ্ঠা দিৱসটি উদযাপন কৰে বুলি জনাই ফুলগুৰি শাখা কবি সন্মিলনৰ সভাপতি তথা শিল্পী পেঞ্চনাৰ পৰাণ চন্দ্ৰ দাসে ।

গীতাঞ্জলি দেৱীৰ বৰগীতেৰে আৰু সভাপতি দাসে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ আঁত ধৰে ফুলগুৰি শাখা কবি সন্মিলনৰ সম্পাদক দীনবন্ধু দাসে । সদৌ অসম কবি সন্মিলনৰ মুখপত্ৰ 'নতুন কবিতা'ৰ সম্পাদক তথা 'টাইমলাইন অসম'ৰ মূখ্য সম্পাদক মদাৰজ্যোতিয়ে সন্মিলনৰ বিষয়ে আৰু অনুষ্ঠানত পঠিত কবিতা সমূহৰ ওপৰত আলোকপাত কৰে ।



সভাত ভাষা আন্দোলনৰ শ্বহীদ ৰঞ্জিৎ বৰপূজাৰী আৰু কবিতাৰে অসমীয়া ভাষাটোক সকলোৰে মাজত জনপ্ৰিয় কৰি তোলাত বিশেষ অৱদান আগবঢ়োৱা সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্যৰ স্মৃতি চাৰণ কৰা হয় । নগাঁও জিলা কবি সন্মিলনৰ উপসভাপতি দুৰ্গেশ্বৰ বৰকটকী, মুখপত্ৰ 'খাগৰিজান'ৰ সহকাৰী সম্পাদক ৰূপম নাথ, ফুলগুৰি শাখা কবি সন্মিলনৰ উপসভাপতি জ্যোতিপ্ৰসাদ ডেকা, সহকাৰী সম্পাদক ভাস্কৰজ্যোতি দাস আৰু লক্ষ্যজ্যোতি দাস, নাট্যকাৰ দীপক নাথ, প্ৰিয়ব্ৰত যোগী প্ৰমুখ্যে ব্যক্তি সকলে কবিতা পাঠেৰে মুখৰিত কৰি তুলে ডিমৌ চাৰি আলিৰ সমীপৰ শিল্পী পৰাণ চন্দ্ৰ দাসৰ বাসগৃহ ।

ফুলগুৰিৰ পৰা ৰূপম নাথৰ প্ৰতিবেদন

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page