top of page

ফেচবুক প’ষ্টৰ বাবে আৰক্ষীয়ে আটক কৰে মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈক ।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 22, 2020
  • 1 min read

ree

শিৱসাগৰ জিলাৰ ডিমৌ থাওৰাদৌল মাজগাঁৱৰ নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈক সোমবাৰে নিশা নিজা বাসগৃহৰ সমীপৰ পৰা শিৱসাগৰ আৰক্ষীয়ে আটক কৰে। বিশেষ সূত্ৰ অনুসৰি ছাত্ৰজনে চৰকাৰক কঠোৰ সমালোচনা কৰি চচিয়েল মিডিয়া ফেচবুকত এটা প’ষ্ট কৰাৰ বাবে আটক হ’বলগীয়া হৈছে। উক্ত ফেচবুক পোষ্টটোৰ বাবে গুৱাহাটী ক্ৰাইম ব্রাঞ্চৰ ১১/২০২০ গোচৰৰ ভিত্তিত শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসনে ছাত্ৰজনক আটক কৰে বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতে শিৱসাগৰ আৰক্ষীয়ে নিশাই ছাত্ৰজনক গুৱাহাটীলৈ প্ৰেৰণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে কা-আন্দোলনত সক্ৰিয় ভূমিকা পালন আৰু বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰাৰ বাবেই প্ৰশাসনে আটক কৰি কণ্ঠৰোধৰ চেষ্টা চলাইছে বুলি সচেতন ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। শীঘ্ৰেই দ্বীপজ্যোতি গগৈক বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনাইছে বহুকেইটা দল-সংগঠন, স্বেচ্ছাসেৱী অনুষ্ঠান "পথিকৃত"ৰ লগতে স্থানীয় ৰাইজে।


শিৱসাগৰৰ পৰা

মাধৱ গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম ।

Commentaires


OUR PROGRAM
bottom of page