পদপথত "যোৰহাট জিলা আহোম সেনা সমিতি"ৰ সাহাৰ্য বিতৰণ
- Timeline Asom
- Jul 21, 2020
- 1 min read

বিশ্বত্ৰাস কৰ'না মহামাৰীয়ে সমগ্ৰ বিশ্বৰে জনজীৱন বিপন্ন কৰিছে। কৰ’নাৰ ভয়াৱহতাই সৰ্বসাধাৰণ জনতাৰ জীৱনধাৰণলৈ ভাবুকি নমাইছে। কৰ'না প্ৰতিহত কৰিবৰ বাবে ইতিমধ্যে অসমতো চৰকাৰে জিলাই জিলাই সুকীয়া সুকীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি অন্যান্য সাৱধানতা গ্ৰহণৰ লগতে লকডাউনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিছে। যোৰহাট জিলা প্ৰশাসনেও সৰ্বাত্মক লকডাউনেৰে যোৰহাটবাসীৰ সুৰক্ষা দিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লকডাউনৰ সময়ছোৱাত পদপথবাসীৰ সমস্যাৰ বুজ ল'বলৈ চৰকাৰ-প্ৰশাসনে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ নকৰাত সম্প্ৰতি অনিদ্ৰা-অনাহাৰত দিন কটোৱা পদপথবাসীৰ অন্ন-বস্ত্ৰ-বাসস্থানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে আহোম সেনাৰ যোৰহাট জিলা সমিতিয়ে। সংগঠনটোৰ বিষয়ববীয়াই ৰামৰাজ্যৰ সপোন দেখা চৰকাৰে এইসকল প্ৰজাৰো জীৱনধাৰণৰ বাবে বিশেষ আঁচনি ল'বলৈ আহ্বান জনোৱাৰ লগতে সংগঠনটোৰ যোৰহাট জিলা সমিতিয়ে এইসকল নিঃসহায় ব্যক্তিক সপ্তাহ জোৰাকৈ খাদ্যৰ যোগান ধৰি ৰাইজৰ শলাগ বুটলিছে।
মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈ, টাইমলাইন অসম।
Comentários