top of page

পুৰণিগুদামত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৭২সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

১৯৪৭চনতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা জন্ম হোৱা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পুৰণিগুদাম আঞ্চলিক শাখাই ৭২সংখ্যক প্ৰতিষ্ঠা দিৱসটি পুৰণিগুদাম শংকৰদেৱ বিদ্যানিকেতনত সামাজিক দূৰত্ব বৰ্তাই ৰাখি অনুষ্টুপিয়াকৈ পালন কৰে। অনুষ্ঠানৰ আৰম্ভণিতে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ কৰ্মকৰ্তাসকলে স্বামী বিবেকানন্দৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পুৰণিগুদাম আঞ্চলিক শাখাৰ কৰ্মকৰ্তাসকলে পুৰণিগুদামৰ বিভিন্ন ঠাইত একোটাকৈ গছৰ পুলি ৰোপণ কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলতো সুখ্যাতিৰে অৰ্জন হৈ পুৰণিগুদাম অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা ছাত্র-ছাত্রীসকলক ঘৰে ঘৰে গৈ একোখনকৈ মানপত্র আৰু গামোচাৰে সৰ্ম্বৰ্ধনা জনায়। এই সভাতেই চামগুৰি আৰু পুৰণিগুদামৰ সাংবাদিকসকলক এখন অভিনন্দন পত্রৰ লগতে ফুলাম গামোচাৰে সৰ্ম্বৰ্ধনা জনায়।

পুৰণিগুদামৰ পৰা ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page