top of page

পুনৰ "কা" বাতিলৰ দাবীত কৃষক মুক্তিৰ আন্দোলন আৰম্ভ ।।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 29, 2020
  • 1 min read

ree

কৰ'না মহামাৰীৰ বাবে সুদীৰ্ঘ দিন বন্ধ হৈ থকা 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচী

পুনৰ আৰম্ভ কৰিলে কৃষক মুক্তিয়ে। সমগ্ৰ ৰাজ্যজুৰি কৃষক মুক্তিয়ে ৰূপায়ণ কৰা 'কা' বিৰোধী আন্দোলনৰ কাৰ্যসূচীৰূপে মানৱ-শৃংখলৰ জড়িয়তে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক সমালোচনা কৰাৰ লগতে কৃষক নেতা অখিল গগৈক মুক্তিৰো দাবী জনাই।

ঢকুৱাখনা নগৰৰ ৰাজপথেৰে মানৱ-শৃংখল কাৰ্যসুচী ৰূপায়ণৰ কালত আৰক্ষীৰেও বাক-বিতণ্ডাত লিপ্ত হোৱা দেখা যায় কৃষক মুক্তিৰ সদস্যসকলক।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম।

Comments


OUR PROGRAM
bottom of page