top of page

পানীৰ মাজত এখন প্ৰতিবাদী মঞ্চ

Writer: Timeline Asom
Timeline Asom
Jul 31, 2020
1 min read

Updated: Jul 31, 2020

শুকান ঠাইৰ প্ৰতিবাদ আপুনি বহু দেখিছে। কিন্তু এইবাৰ জলমগ্ন নদীৰ মাজত এক প্ৰতিবাদ।


বৃহত্তৰ ডবকা চহৰত হাটে-বজাৰে, ৰাস্তাই-ঘাটে বহু প্ৰতিবাদ কৰিলে এওঁলোকে। কিন্তু ৰজাঘৰীয়াই মুক্তি নিদিলে অখিল গগৈক। এইবাৰ অখিলৰ মুক্তিৰ প্ৰতিবাদে ল'লে এক অভিনৱ পন্থা। শুকান ঠাই এৰি থৈ যমুনা নদীৰ মাজত চলিছে ডবকা আঞ্চলিক কৃষক মুক্তিৰ জিন্দাবাদ, মুৰ্দাবাদ ধ্বনি। নদীৰ সোঁতত অখিল গগৈৰ মুক্তিৰ দাবী। যমুনা নদীৰ মাজত টুলুঙা নাৱত উঠি কৃষক মুক্তিৰ নেতা-কৰ্মীয়ে উত্থাপন কৰিলে অখিলৰ মুক্তিৰ দাবী। মূখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তিও দাহ কৰিলে অখিলৰ শুভাকাংক্ষীয়ে । শুকান প্ৰতিবাদ বহুবাৰ কৰিলে এওঁলোকে। কিন্তু ফল একোৱেই নাপালে । দীৰ্ঘদিন ধৰি কাৰাবন্দী প্ৰতিবাদী কণ্ঠ। অতিষ্ঠ হৈ এওঁলোকে বাছি লৈছে আন এক অভিনৱ পন্থা। এইবাৰ অনন্য় প্ৰতিবাদৰ প্ৰয়োজন কৰিলে কৃষক মুক্তিৰ সদস্য়ই। ডবকা আঞ্চলিক কৃষক মুক্তিয়ে টুলুঙা নাও লৈ নামিল যমুনা নদীৰ ভৰা সোঁতৰ মাজত ব্য়তিক্ৰমী প্ৰতিবাদত। অৱশ্যেই ই এক অভিনৱ পন্থা।

হঠাতে নাটকীয় হৈ উঠিল প্ৰতিবাদ। কিয়নো ডবকা আঞ্চলিক কৃষক মুক্তিৰ প্ৰতিবাদ থলিলৈ আহিল আৰক্ষী। আহিবলৈ পাহৰা নাই। ঠেলি ঠেলি ইজনৰ পিছত সিজন প্ৰতিবাদকাৰীক ভৰাইছে আৰক্ষী বাহনত। এনেকৈয়ে চৰকাৰে অখিল মুক্তিৰ সকলো ধৰণৰ দাবী, প্ৰতিবাদ আদি দমন কৰাত উঠি পৰি লাগিছে।


ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page