top of page

পুত্ৰৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈছে এগৰাকী মাতৃ

Writer's picture: Timeline AsomTimeline Asom

মৰ্মান্তিক, হৃদয়বিদাৰক । পুত্ৰৰ দ্বাৰা নিৰ্যাতনৰ বলি হৈছে এগৰাকী মাতৃ। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে হোজাইৰ নীলবাগানত ।


জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া হবিবুৰ ৰহমানৰ পত্নী ৰহিমা বেগম নামৰ ৫৫ বছৰীয়া মহিলা গৰাকীক নিজ স্বামীসহ দুই পুত্ৰই মাৰপিট কৰি ঘৰৰ পৰা উলিয়াই দিযা ঘটনাই লজ্জানত কৰিছে সভ্য সমাজক। কেৱল সেয়াই নহয়, পেট্ৰ'ল ঢালি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ কৰিছে ৫৫ বছৰীয়া মহিলা গৰাকীয়ে।এই অমানৱীয় ঘটনা সন্দৰ্ভত স্বামী হবিবুৰ ৰহমানসহ দুই পুত্ৰ ক্ৰমে আলাউৰ ৰহমান আৰু এহচানুৰ ৰহমানৰ বিৰুদ্ধে ভুক্তভোগী ৰহিমা বেগমে হোজাই জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ২৮ জুলাইত দাখিল কৰিছিল এটা গোচৰ। কিন্তু, তাৎপৰ্যপূৰ্ণ কথাটো হ'ল ৫১৪/২০২০ নম্বৰত পঞ্জীয়ন হোৱা গোচৰটোৰ তদন্তৰ দায়িত্বত থকা নীলবাগান উপ-আৰক্ষী বিষয়াৰ ৰহস্যজনক ভূমিকাৰ বাবে আজিও ন্যায়ৰ পৰা বঞ্চিত ভুক্তভোগী মহিলা গৰাকী। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত অসম আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ'ব লক্ষণীয়।



ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন টাইমলাইন অসম।।

Comments


OUR PROGRAM
bottom of page