পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ
- Timeline Asom
- Jun 30, 2020
- 1 min read
পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদঃ নৰেন্দ্ৰ মোডীক মিছলীয়া আখ্যা প্ৰাক্তন মন্ত্ৰী ৰাজীৱলোচন পেগুৰ

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱাতেলৰ দাম কমাৰ পাছতো পেট্ৰ'ল-ডিজেলৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাইছে। বৰ্তমান লকডাউনৰ বাবে প্ৰায়সংখ্যক মানুহৰে উপাৰ্জন নোহোৱা হৈ পৰাত সাধাৰণ ৰাইজৰ জীৱনধাৰণত যথেষ্ট অসুবিধাই দেখা দিছে। এনে এক জটিল সন্ধিক্ষণত দেশত বিভিন্ন দ্ৰব্য-সামগ্ৰীৰ মূল্যবৃদ্ধি হ্ৰাস হোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাই অহাত বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ দল সৰৱ হৈ উঠিছে। বৰ্তমানৰ চৰকাৰখনে ৰাইজৰ পক্ষত থাকি কোনো ধৰণৰ কাম কৰা নাই বুলি কংগ্ৰেছে সজোৰে দাবী উত্থাপন কৰিছে।।
অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্দেশত মাজুলী জিলা কংগ্ৰেছ কমিটিৰ শতাধিক কৰ্মীয়ে আজি মাজুলীৰ গড়মূৰস্হিত ৰাজীৱ ভৱনত দেশত পেট্ৰ'ল, ডিজেলৰ মূল্য বৃদ্ধি হোৱাক লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। কাৰ্যসূচীত প্ৰাক্তন মন্ত্ৰী তথা মাজুলীৰ বিধায়ক ৰাজীৱলোচন পেগুৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মিছলীয়া বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰতিবাদকাৰী সকলে মাজুলী জিলা উপায়ুক্তৰ জড়িয়তে মাননীয় ৰাষ্ট্ৰপতিলৈ শীঘ্ৰে মূল্যবৃদ্ধি হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান কৰে।
মাজুলীৰ পৰা
ৰজনীকান্ত বৰদলৈৰ প্ৰতিবেদন
Comments