top of page

নগৰৰ মাজমজিয়াত মৃত্যুৰ ক্ষণ গণিছে কৃষকৰ পোহনীয়া মহে

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 29, 2020
  • 1 min read

বোকাখাত নগৰৰ মাজমজিয়াত মৃত্যুৰ ক্ষণ গণিছে কৃষকৰ পোহনীয়া মহে । উচিত ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ বানাক্ৰান্তৰ।।



◾বোকাখাত মহকুমাৰ মাজমজিয়া বোকাখাত নগৰতে মৃত্যুৰ ক্ষণ গণিবলগীয়া হৈছে সাধাৰণ বানাক্ৰান্ত ৰাইজৰ কৃষি পথাৰৰ প্ৰধান সম্বল এটি পোহনীয়া মহে । ঘটনাটো মঙলবাৰৰ।


◾খোদ ৰাজ্যখনৰ পশুপালন আৰু কৃষি-মন্ত্ৰী তথা বোকাখাত বিধান সভা সমষ্টিৰ বিধায়কগৰাকীৰ গৃহ সমষ্টিত বৰ্তমান কৃষক ৰাইজৰ নাজল-নাথল অৱস্থা। চলিত বৰ্ষৰ তিনিটাকৈ বানপানীত বিধ্বস্ত কৃষকে কৃষি তথা পশুপালন মন্ত্ৰীগৰাকীৰ পৰা প্ৰকৃততে লাভ কৰিছেনে নিৰাপত্তা ?


১নং বহিখোৱাৰ এইজন কৃষক ভোবন দলেই নিজৰ একমাত্ৰ পশুধনৰ নিৰাপত্তাৰ বাবে এপষেক আশ্ৰয় ল'বলগীয়া হৈছিল মহকুমাটোৰ সমীপৱৰ্তী আমলখী পাহাৰত । তাৰ পাছৰ ঘটনা এনেধৰণৰ...


◾উল্লেখযোগ্য যে ৰাজ্যখনত এটা বিয়াগোম পশুপালন বিভাগ থকাৰ পাছটো বানাক্ৰান্ত অধিকাংশ কৃষকেই বঞ্চিত হৈ আছে পশুখাদ্যৰ পৰা । আনকি বহুসময়ত নিমাত SDRFও।যাৰ ফলত পাহাৰত চাহ বাগানত দিয়া ঔষধযুক্ত ঘাঁহ খায় এইজনী গৰ্ভৱতী মহ ধলি পৰিবলগীয়া হ'ল বোকাখাত নগৰৰ মাজমজিয়াত।


ইফালে এই সমগ্ৰ দুখজনক ঘটনাটোৰ উচিত ক্ষতিপুৰণ দাবী কৰিছে বোকাখাতৰ মানৱ অধিকাৰ কৰ্মী সোনেশ্বৰ নৰহে।

- বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ প্ৰতিবেদন।

Comments


OUR PROGRAM
bottom of page