top of page

নগাঁৱৰ সুৰৰ পানচৈ শিল্পী সমাজৰ ত্ৰয়োদশতম বৰ্ষপূৰ্তি সফলতাৰে সম্পন্ন

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 31, 2020
  • 2 min read

"প্ৰকৃতিৰ সৈতে নিবিড় আত্মীয়তাই মানুহৰ মনত নৈসৰ্গিক আনন্দৰ সৃষ্টি কৰে ৷ সৃষ্টিশীল কামত প্ৰবৃত্ত হৈ থাকি জীৱনত অনাবিল আনন্দ পাব পাৰি ৷ মানুহৰ সেৱাত উৎসৰ্গিকৃত ভাবেৰে কাম কৰিলে প্ৰকৃত আনন্দ পোৱা যায় ৷ সেইয়ে মানুহে সৃজনীশীল কৰ্মযজ্ঞৰ জৰিয়তে মধুৰ প্ৰশান্তি লভাৰ লগতে সমাজৰ সেৱাৰ বাবেও আত্মনিয়োগ কৰিব পাৰে ৷ সুৰৰ পানচৈ শিল্পী সমাজৰ জৰিয়তে নগাঁৱৰ সুন্দৰ মনৰ মানুহখিনি একত্ৰিত হৈ নতুন প্ৰজন্মক সুন্দৰৰ আৰাধনাত ব্ৰতী হ’বলৈ অহৰহ প্ৰচেষ্টা কৰি থকাটো সমাজৰ বাবে শুভবাৰ্তা ৷" নগাঁৱৰ এটি অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান সুৰৰ পানচৈ শিল্পী সমাজৰ ত্ৰয়োদশতম বৰ্ষপূৰ্তি অনুষ্ঠানৰ শুভ উদ্বোধন কৰি কামৰূপ জিলাৰ ডিমৰীয়া মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক মোহিনী মোহন ডেকাই এইদৰে উল্লেখ কৰে ৷ শিল্পী সমাজে প্ৰয়াত সাহিত্যিক পেঞ্চনাৰ বিউটি ৰহমানৰ স্মৃতিত অনুষ্ঠিত কৰা বষপূৰ্তি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰি ডেকাই লগতে সু-সাহিত্যিক বিউটি ৰহমানে দেখা সপোনবোৰ সুৰৰ পানচৈ শিল্পী সমাজৰ উদ্যোক্তাসকলে বাস্তৱায়িত কৰিবলৈ অহোপুৰুষাৰ্থ কৰাটো আমাৰ সমাজৰ বাবে অতি আনন্দদায়ক বতৰা বুলিও মন্তব্য আগবঢ়োৱা অনুষ্ঠানটিৰ আৰম্ভণিতে প্ৰধান শিক্ষয়িত্ৰী মীনা বৰাই গুৰুজনাৰ এটি ঘোষা পৰিৱেশনৰ জৰিয়তে অনুষ্ঠানৰ পাতনি মেলে ৷ সুৰৰ পানচৈ শিল্পী সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে সামগ্ৰীকভাৱে পৰিচালনা কৰা অনুষ্ঠানটিত প্ৰতিষ্ঠিত শিল্পীসকল ক্ৰমে গম্ভীৰ নাথ, আতিকুৰ ৰহমান, দীপক শৰ্মা, সন্তোষ কলিতা, কোকিল হাজৰিকা, নিশামণি বৰা, চন্দনা বৰুৱা, মীনা বৰা, জ্যোতিৰেখা বৰুৱা, নীলাক্ষী বৰাই গীত পৰিৱেশন কৰাৰ সমান্তৰালভাৱে প্ৰদীপ শইকীয়া, অনিল চন্দ্ৰ নাথ, কবিতা বৰা, কাৰুণ্য ভট্ৰাচাৰ্য, দীপিকা শইকীয়া, ৰাতুল শৰ্মা, প্ৰাঞ্জল মহন্ত, পুষ্টজ্যোতি নাথ, মৌচুম বৰদলৈকে ধৰি কেইবাগৰাকীও ন-পুৰণি কবিৰ কণ্ঠধ্বনিত অনুষ্ঠানটি অতিশয় গাম্ভীৰ্যপূৰ্ণ হৈ উঠে ৷ উল্লেখযোগ্য যে সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত মাত্ৰ দুই নম্বৰৰ কাৰণে স্থান লাভৰ পৰা বঞ্চিত হৈ ৰোৱা শিল্পী সমাজৰ কণিষ্ঠতম সদস্য উদীয়মান কণ্ঠশিল্পী কীৰ্তি কৃষ্টি বৰাক শিল্পী সমাজৰ তৰফৰ পৰা অভিনন্দন পত্ৰ, ফুলাম গামোচা আৰু কলমেৰে উপহাৰ জনোৱাৰ লগতে শিল্পী সমাজৰ জ্যেষ্ঠ শিল্পী-সাহিত্যিক তথা শিক্ষয়িত্ৰী কাৰুণ্য ভট্টাচাৰ্যৰ কন্যা হৰ্ষিতা বৰঠাকুৰে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত অসমৰ ভিতৰতে ষষ্ঠ স্থান অধিকাৰ কৰি সমাজলৈ সুখ্যাতি কঢ়িয়াই অনাত তেওঁকো একেদৰেই শিল্পী সমাজৰ তৰফৰ পৰা মৰম, অভিনন্দন, উপহাৰ যচা হয় ৷ অভিনন্দন গ্ৰহণ কৰি দুয়োগৰাকী কৃতী ছাত্ৰী ক্ৰমে কীৰ্তি কৃষ্টিয়ে সুগন্ধি পখিলাৰ কবি হীৰুদাৰ এটি হৃদয় পৰশা গীত আৰু হৰ্ষিতাই মাতৃয়ে ৰচনা কৰা ’খেলাই ন’হল একো সামৰিবৰ হ’ল’ শীৰ্ষক কবিতাটি আবৃত্তি কৰি সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ আনহাতে শিশু শিল্পীদ্বয় পৰী বৰদলৈ আৰু প্ৰিয়া ৰাণী বৰাই পৰিৱেশন কৰা নৃত্যইও সুৰৰ পানচৈ শিল্পী সমাজৰ বৰ্ষপূৰ্তি অনুষ্ঠানটিক অধিক প্ৰাণৱন্ত কৰাৰ লগতে ইয়াৰ জৰিয়তে সমাজৰ পৰা মহামাৰী কৰ'নাৰ নিঃশেষৰ বাবেও প্ৰচেষ্টা লোৱা হয় ৷ অনুষ্ঠানটিত বয়োজ্যেষ্ঠ ব্যক্তি তথা নামাচাৰ্য জয় ৰাম শইকীয়াই মনৰ অনুভৱ প্ৰকাশ কৰি এনে এটি অনুষ্ঠানৰ অংশীদাৰ হ’বলৈ পাই ভাগ্যৱান বুলি দোহাৰি সকলোৰে মঙ্গল প্ৰাৰ্থনা কৰে ৷


ব্যুৰ' ৰিপ'ৰ্ট

টাইমলাইন অসম ।।

Commentaires


OUR PROGRAM
bottom of page