top of page
  • Writer's pictureTimeline Asom

নগাঁৱৰ পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়ালে পলী বৰাই

নগাঁৱৰ পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়ালে পলী বৰাই ।


নগাঁৱৰ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ৰ ছাত্ৰী পলী বৰাই ৪৭৩ নম্বৰেৰে সমগ্ৰ অসমৰ ভিতৰতে কলা শাখাত তৃতীয় স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে নগাঁৱৰ পুৰণিগুদামলৈ । পুৰণিগুদামৰ বৰাচুক নিবাসী ছাত্ৰী গৰাকীৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে পুৰণিগুদামৰ ৰাইজ । ফলাফল ঘোষণা হোৱাৰ দিনাই পলি বৰাৰ বাসগৃহত উপস্থিত হয় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন। হুছেইনে উপস্থিত হৈ ছাত্ৰী গৰাকী তথা তেওঁৰ পিতৃ মাতৃক সম্বৰ্ধনা জনাই । হুছেইনৰ লগতে NSUI নগাঁও জিলা, বঢ়মপুৰ ব্লক কংগ্ৰেছৰ লগতে বিভিন্ন স্থানীয় দল-সংগঠন, সচেতন ব্যক্তিৰ লগতে পুৰণিগুদাম আঞ্চলিক ছাত্ৰ সন্থায়ো ছাত্ৰী গৰাকীৰ ঘৰত উপস্থিত হৈ ছাত্ৰী গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে । উল্লেখ্য যে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকীক নগাঁৱৰ কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয়ে বিগত দুটা বছৰে বিনামূলীয়াকৈ শিক্ষাদান কৰিছিল ।


পুৰণিগুদামৰ পৰা

ধ্ৰুৱজ্যোতি গায়নৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

7 views0 comments

Comments


bottom of page