নাৰায়ণপুৰৰ দক্ষিণাঞ্চলৰ দহখন গাঁৱৰ কৃষকৰ বিলৈ।
বানত ডুবিল আহুতলী । চপাব নোৱাৰিলে আহুধান।
বিধায়ক দেৱানন্দ হাজৰিকাৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন।।
লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণাঞ্চলৰ দহখনৰো অধিক গাঁৱৰ কৃষকৰ আহুধান সোৱণশিৰি নদীৰ বানত বুৰ গৈছে। দক্ষিণ নাৰায়ণপুৰৰ বিশেষকৈ স্বয়ং কেৰকেৰ, স্বয়ং পাতিৰ, বৰবিল, বানমুখ, কলাবাৰী, মাজৰ চাপৰি, দিবানা চাপৰি, টিকিৰাই, কেমেৰা, সোণাৰি চাপৰি, নুনিবাৰী, তিনটিয়া, অনুবৈচা, শিলিখাগুৰি আদি গাঁৱৰ কৃষকৰ আহুধান পকিবৰ হোৱাৰ সময়তে কাষেদি বৈ অহা সোৱণশিৰি নদীৰ বানত ডুবি বিস্তৰ ক্ষতি হয়।
যোৱা ২৪ জুনৰ পৰা সোৱণশিৰি আৰু ব্ৰহ্মপুত্ৰৰ পানীৰ প্লাৱন বাঢ়ি যোৱাৰ ফলত গাঁৱে-ভুঁইয়ে, খেতি-পথাৰকে ধৰি ঘৰ-দুৱাৰ প্লাৱিত কৰিছে। উক্ত গাঁওসমূহৰ কৃষকৰ কষ্টৰ বিনিময়ত হোৱা আহুধান কেইমুঠি গোটাই ল'ব নোৱাৰিলে বছৰটোলৈ লঘোণে থাকিব লাগিব। গতিকে, ৰাইজে কষ্টৰ বিনিময়ত হ'লেও ধানবোৰ পানীৰ মাজৰপৰাই কাটি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰে।
কিছু কিছু ঠাইত পানীৰ তলতে ধানবোৰ কাটিব নোৱাৰি বুৰ মাৰি আছে গাঁৱৰ ৰাইজে । ইফালে দিনক দিনে পানী বাঢ়ি যোৱাৰ ফলত গৰু-ম'হ, হাঁহ-কুকুৰা, ছাগলী, গাহৰি আদি পোহনীয়া পশু-পক্ষীবোৰ মাথাউৰিতে ৰাখিবলগীয়া হৈছে। ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে।
অঞ্চলবাসীৰ দুৰ্দশাৰ বুজি ল'বলৈ বিহপুৰীয়া বিধান সভা সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাই যোৱা ২৯ জুনত ক্ষতিগ্ৰস্ত অঞ্চলটো পৰিদৰ্শন কৰি অচিৰেই সাহায্য প্ৰদান কৰাৰ আশ্বাস দিয়ে। ইপিনে, প্ৰত্যেক বছৰে বান আৰু গৰাখহনীয়াত নদী কাষৰীয়া উক্ত গাঁওসমূহ বিধস্ত হৈ আহিছে। এই ক্ষেত্ৰত ৰাইজে জনপ্ৰতিনিধি গৰাকীক অৱগত কৰি ৰাইজৰ এনে পৰিস্থিতিত চৰকাৰী সাহায্যকে ধৰি স্বাস্থ্য পৰীক্ষাৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়। লগতে প্ৰশাসনক গৰাখহনীয়া ৰোধৰ বাবে বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈও দাবী জনায়।
নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন,
টাইমলাইন অসম ।।
Commentaires