top of page

নিৰ্মাণৰ এবছৰ পিছতে চিৰালফাট মেলিছে

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 16, 2020
  • 1 min read

ঢকুৱাখনাৰ এটা পকী পথত ।। সঠিকভাৱে মেৰামতিৰ দাবী ৰাইজৰ ।


ree

ঢকুৱাখনা মহকুমাৰ বাটমাৰী তিনিআলিৰ পৰা চিৰিংগাঁও সংযোগী পথটো পকীকৰণৰ এবছৰ পিছতে ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে চিৰালফাট মেলাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ গড়কাপ্তনি বিভাগৰ লখিমপুৰ ৰাজ্যিক সংমণ্ডলৰ অধীনত পেকেজ নং-এ,এচ,

-১৫-২৫০ অনুসৰি-৪ কি:মি দৈৰ্ঘ্যৰ পথটো ২ কোটি ৫ লাখ ১২ হেজাৰ ৪৪৩ টকাৰে পকীকৰণৰ ঠিকা লাভ কৰিছিল বাটমাৰীৰে মাধৱ শইকীয়া নামৰ এজন ঠিকাদাৰে।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি আৰম্ভণিৰে পৰাই পথটো নিৰ্মাণৰ বেলিকা বিভিন্ন খেলি-মেলিৰে কাম আগবঢ়াইছিল ঠিকাদাৰজনে । ফলত নিৰ্মাণৰ দুই/তিনিমাহ পাছতেই পথটো বিধ্বস্ত হৈছিল । এই লৈ স্থানীয় ৰাইজে জিলা উপায়ুক্তকো অভিযোগ কৰিবলৈ বাধ্য হোৱাত পুনৰ বিধ্বস্ত অংশবোৰ মেৰামতি কৰিছিল যদিও সঠিক কাম নহ'ল।

সেইয়ে, এতিয়া পুনৰ পথটোৰ বিভিন্ন স্থানত চিৰালফাট দিয়াৰ লগতে বহু অংশত ব্লেক-টেপিং এৰি গৈছে চকলা-চকলে। সেয়েহে, স্থানীয় ৰাইজে যাতায়তৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱাত পুনৰ সঠিকভাৱে পথটো মেৰামতিৰ দাবী জনাইছে গড়কাপ্তনি বিভাগৰ লগতে ঢকুৱাখনাৰ মহকুমা প্ৰশাসনক।


ঢকুৱাখনাৰ পৰা

জ্ঞানশ্ৰী গগৈৰ

টাইমলাইন অসম ।।

Comentários


OUR PROGRAM
bottom of page