নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধ
- Timeline Asom
- Jul 25, 2020
- 1 min read
কৃষকনেতা অখিল গগৈৰ মুক্তিৰ দাবীত লখিমপুৰৰ বগীনদীত বগীনদী উন্নয়ন ঐক্যমঞ্চৰ লগতে কেইবাটাও সংগঠনৰ মানৱ-শৃংখল কাৰ্যসূচী ।

বগীনদী উন্নয়ন ঐক্যমঞ্চ, তাই আহোম ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলন, গোৰ্খা ছাত্ৰ সন্থা আদিকে ধৰি ১৪ টা সংগঠনৰ শতাধিক ছাত্ৰকৰ্মীৰ লগতে সদৌ অসম উন্নয়ন পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে
বগীনদীৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে অৱস্থান গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদৰ সময়ছোৱাত প্ৰতিবাদীসকলে বৃহৎ নদীবান্ধ বন্ধ কৰক, অখিল গগৈক মুক্তি দিয়ক, অসম চৰকাৰ হায় হায় আদি শ্লোগানেৰে বগীনদীৰ আকাশ-বতাহ মুখৰ কৰি তোলে।
- বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।
Comments