শিৱসাগৰ জিলা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত নিবন্ধকাৰ মুকুল নাথৰ গীতৰ পুথি 'শয়নে সপোনে’ আজি লেখকৰ নিজা বাসগৃহত উন্মোচন কৰা হয় । উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক প্ৰেম গগৈয়ে । জিলা সাহিত্য সভাৰ সম্পাদক সন্তোষ দত্তই আঁত ধৰা অনুষ্ঠানটোত উপ-সভাপতি ড° প্ৰশান্ত কুমাৰ চুতীয়া, অৱসৰপ্ৰাপ্ত শিক্ষক বিদ্যাধৰ নাথ, লেখক মুকুল নাথ, কল্পনা কটকীয়ে বক্তব্য আগবঢ়োৱাৰ লগতে জিলা সমিতিৰ সহ-সম্পাদক মনোজ গগৈ, পল্লৱজ্যোতি নাথ, ৰেখামণি হাজৰিকা, উদীপ নাথ উপস্থিত থাকে। আনহাতে পল্লবী নাথ আৰু সংগীতা নাথে একোটিকৈ গীত পৰিৱেশন কৰে।
শিৱসাগৰৰ পৰা
মাধৱ গগৈৰ প্ৰতিবেদন
টাইমলাইন অসম ।
Comments