যোৱাটো বৰ্ষতে কুৰুৱাবাহীৰ ধনশিৰি নদীৰ বানপানীত হোৱা নাও দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত পৰিয়ালে নাপালে চৰকাৰী সাহাৰ্য ।।
![](https://static.wixstatic.com/media/f16afa_b3b7f65545b947f6b3892980f08ba1e9~mv2.jpeg/v1/fill/w_706,h_394,al_c,q_80,enc_auto/f16afa_b3b7f65545b947f6b3892980f08ba1e9~mv2.jpeg)
যোৱাটো বৰ্ষতে অৰ্থাৎ ২০১৯ চনতে কুৰুৱাবাহীত ধনশিৰি নদীৰ বানপানীত সংঘটিত হৈছিল এক শোকাবহ নাও দুৰ্ঘটনা। সলিল সমাধি ঘটিছিল কুৰুৱাবাহী ৰঙাগৰীয়া গাঁৱৰ এগৰাকী মহিলা নিৰু দাসৰ।
চন ২০১৯ । বৃহত্তৰ কুৰুৱাবাহী অঞ্চলেদি বৈ যোৱা ধনশিৰি নদীৰ বানপানীত শোকাবহভাৱে সংঘটিত হৈছিল এটি নাও দুৰ্ঘটনাৰ । ধনশিৰি চাপৰিৰ পামখেতিৰ পৰা ঘৰলৈ ওভটাৰ পথত সংঘটিত হৈছিল ঘটনাটি । নাওখনত থকা ৫ জন ব্যক্তিয়ে সাতুৰি প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হৈছিল যদিও নিৰু দাস নামৰ এগৰাকী মহিলা সন্ধানহীন হৈ পৰে আৰু ১৭ দিনৰ অন্তত গাঁওবাসীয়ে মহিলা গৰাকীৰ মৃতদেহ প্ৰতক্ষ কৰি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল।
ইফালে দুৰ্ঘটনাটি সংঘটিত হোৱা স্থানৰ সমীপতে থকা এটি ঘাটেদিয়েই বৃহৎ সংখ্যক লোকে যাতায়ত কৰে যদিও ৰাইজৰ দীৰ্ঘদিনীয়া দাবীৰ পাছতো উক্ত স্থানত নিৰ্মান কৰা হোৱা নাই এখন দলং । সেই বাবেই দলঙৰ অভাৱতে বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰো অভিযোগ আছে বহুদিনীয়া।
আনহাতে এবছৰ পুৰ্বতে হৈ যোৱা নাও দুৰ্ঘটনাটোত শোকাবহভাৱে মৃত্যু হোৱা মহিলা নিৰু দাসৰ পৰিয়ালে বিভিন্ন আবেদন-নিবেদন কৰিও বৰ্তমানলৈ প্ৰাপ্য চৰকাৰী ক্ষতিপুৰণ পাবলৈ সক্ষম হোৱা নাই।
শাসনাধিষ্ঠ চৰকাৰখনৰ দৰিদ্ৰ লোকৰ অৱমাননা আৰু অৱহেলাৰ বাবেই দৰিদ্ৰ পৰিয়ালটোৱে বৰ্তমানলৈকে লাভ নকৰিলে SDRF ৰ ক্ষতিপুৰণো।
উল্লেখযোগ্য যে, সমগ্ৰ ঘটনাটিত ক্ষতিগ্ৰস্ত পৰিয়ালৰ উচিত ক্ষতিপুৰণৰ দাবীত জীপাল কৃষক শ্ৰমিক সংঘই মাত মাতি আহিছে যদিও কাণসাৰ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই।
এই বছৰৰ তিনিটাকৈ প্ৰলয়ংকাৰী বানত প্ৰাণ হেৰুওৱা শতাধিক লোকে ক্ষিপ্ৰতাৰে উচিত ক্ষতিপুৰণ লাভ কৰিবলৈ সক্ষম হ'ব বুলি বিভাগীয় কৰ্তৃপক্ষই কৈ থকা সময়ত স্বাভাৱিকতেই প্ৰশ্ন উঠিছে --এবছৰ হৈ যোৱাৰ পাছতো কুৰুৱাবাহীৰ এই পৰিয়ালটোৱে কিয় লাভ নকৰিলে চৰকাৰী ক্ষতিপুৰণ ?
বোকাখাতৰ পৰা পল্লৱ হাজৰিকাৰ বিশেষ প্ৰতিবেদন।
Comentarios