top of page
  • Writer's pictureTimeline Asom

ধিঙত সাপ্তাহিক বজাৰত গ্ৰাহক-বিক্ৰেতাৰ বিৰ দি বাট নোপোৱা অৱস্থা


১৪৪ধাৰা বলৱৎ ।। অথচ ধিঙত সাপ্তাহিক বজাৰত গ্ৰাহক-বিক্ৰেতাৰ বিৰ দি বাট নোপোৱা অৱস্থা ।। ধোঁৱাচাঙত সামাজিক দূৰত্ব । নগাঁও জিলা প্ৰশাসনে সমগ্ৰ নগাঁও জিলাত কৰ'ণা ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ১৪৪ধাৰা বলৱৎ কৰিছে যদিও একাংশই প্ৰশাসনৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি, সামাজিক দূৰত্ব ভংগ কৰি আকৌ একাংশই মাস্ক পৰিধান নকৰাকৈ চলাই গৈছে বেপাৰ-বাণিজ্যৰ লগতে সাপ্তাহিক বজাৰ । সমানে পিছপৰি নাথাকিল ধিঙৰ সাপ্তাহিক বজাৰ ।।

উল্লেখযোগ্য যে কিছুদিন ধৰি ধিঙৰ বিভিন্ন অঞ্চলত প্ৰতিদিনেই কভিড-১৯ ধৰা পৰাৰ পাছতো কানসাৰ নাই একাংশ লোকৰ । যি সময়ত মুফ্তি খাইৰুল ইছলামৰ জানাজাৰ পিছত ৰাজহ চক্ৰ বিষয়াই নিজে জুৰীয়া থানাত উপস্হিত হৈ গোচৰ ৰুজু কৰিছিল ঠিক সেইজন ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা মাত্ৰ ১ কি.মি. দূৰত অৱস্হিত ধিঙত বহিল সাপ্তাহিক বজাৰ । নাই কোনো নীতি-নিয়ম, বহুতৰে নাই মুখত মাস্ক, ইফালে এই বজাৰখনলৈ সমাগম ঘটে বহু দূৰনিবটিয়া ৰাইজৰ । সেয়েহে প্ৰশাসনৰ ওপৰত জাগিছে ৰাইজৰ সন্দেহ । স্থানীয় ৰাইজৰ দাবী----এনে এক ভয়াবহ আৰু স্পৰ্শকাতৰ পৰিবেশ চকুত পৰা নাই কিয় স্থানীয় আৰক্ষী-প্ৰশাসনৰ ।

যদি সঁচাকৈ বহিব পাৰে সাপ্তাহিক বজাৰ, তেনেহ'লে সপ্তাহত দুদিনকৈ লকডাউন দি চৰকাৰে কি প্ৰমান কৰিব বিচাৰিছে। বহুতৰে মনত প্ৰশ্ন উদয় হৈছে, এতিয়াও ধিং ৰাজহ চক্ৰ বিষয়াই বজাৰ কমিটিৰ ওপৰত গোচৰ তৰি কোনোবা নটিচ জাৰি কৰিব নে, ধিং বজাৰতো দিবনে লকডাউন !!! অনাগত সময়ত লক্ষণীয় হ'ব ধিং সাপ্তাহিক বজাৰৰ পৰিস্থিতি ।।

ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

8 views0 comments

Comments


bottom of page