top of page

ধিঙত ক'ভিড-১৯ ধৰা পৰা যুৱক পলাতক

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 7, 2020
  • 1 min read


নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত শালকাটি পথাৰৰ আব্দুল মজিদৰ পুত্ৰ আশ্বাদুল ইছলামৰ গাত ধৰা পৰিল ক'ভিড-১৯ পজিটিভ । উল্লেখ্য যে আশ্বাদুল ইছলাম নামৰ যুৱকজন কিছুদিন পূৰ্বে বিহাৰৰ পৰা অহাৰ পিছত নগাঁও জিলাৰ কছুৱা জুৰিপাৰ কোৱাৰেন্টাইনত থাকি নিগেটিভ ৰিজাল্টেৰে ঘৰত অহাৰ পিছত যোৱা ২৮ জুনৰ পৰা হোম কোৱাৰেন্টাইন দিছিল। হোম কোৱাৰেন্টাইনত থকাৰ অৱস্থাতে যুৱকজনৰ গাত ধৰা পৰে ক'ভিড-১৯ পজিটিভ । স্বাস্ব্যবিভাগৰ দল উপস্থিত হোৱাৰ মাত্ৰকে যুৱকজন ঘৰ এৰি পলায়ন কৰে । অৱশেষত চিকিৎসকৰ দলটো উভতি যায়। যুৱকজনৰ এনে ঘটনাই শালকাটী অঞ্চলটোত এক তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে ।



ধিঙৰ পৰা দীপজ্যোতি কাকতি

টাইম লাইন অসম ।।

Comentarios


OUR PROGRAM
bottom of page