top of page

ধিং অঞ্চলৰ এজন শিক্ষকৰ ব্যতিক্ৰমী চিন্তা

  • Writer: Timeline Asom
    Timeline Asom
  • Jun 30, 2020
  • 1 min read

ধিং অঞ্চলৰ এজন শিক্ষকৰ ব্যতিক্ৰমী চিন্তা


নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত বৰভেটি গাঁৱৰ বিশিষ্ট সমাজসেৱক তথা প্ৰধান শিক্ষকৰূপে কৰ্মৰত ওমৰ আলীয়ে দেখুৱাবলৈ সক্ষম হৈছে মানৱতাৰ এক আদৰ্শৰ নিদৰ্শন । উল্লেখ্য যে আজি বহু দিনৰে পৰা তেওঁ সামাজিক কাম-কাজৰ লগত পূৰ্ণভাৱে জড়িত থকাৰ লগতে এজন প্ৰধান শিক্ষকৰূপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে । তেওঁ সদায় নিজকে এজন প্ৰধান শিক্ষক হিচাপে কুন্ঠাবোধ নকৰি একেৰাহে চলাই গৈছে ঘৰৰ নিচেই কাষতে লাগি থকা গাঁৱলীয়া বজাৰখনত চাফাই অভিযান । তেওঁৰ এনে কাৰ্য্যক বহুতে অনুসৰণ কৰিছে যদিও তেওঁক সহযোগ কৰিবলৈ আজিলৈকে কোনো আগবাঢ়ি অহা দেখা পোৱা নাই । তথাপি সকলোৱে যাতে এনেবোৰ কাৰ্যৰ প্ৰতি আকৰ্ষিত হয় তাকেই তেওঁৰ মূল লক্ষ্য বুলি প্ৰকাশ কৰে টাইমলাইন অসমৰ আগত।


ধিঙৰ পৰা দীপজ্যোতি কাকতিৰ প্ৰতিবেদন

টাইম লাইন অসম ।।

Comentarios


OUR PROGRAM
bottom of page