top of page

দুলুং সোৱণশিৰি মহোৎসৱৰ শীৰ্ষ গীতৰ চিত্ৰগ্ৰহণৰ শুভ মহুৰত ।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 31, 2020
  • 1 min read

ree

দুলু্ং সোৱণশিৰি শীৰ্ষ গীতৰ চিত্ৰগ্ৰহণৰ শুভ মহুৰত দুলুং সংৰক্ষিত বনাঞ্চলৰ তাৰিয়ণিত অনুষ্ঠিত হৈ যায় ।

শুভ মহুৰতৰ বন্তি প্ৰজ্বলন কৰে দুলুং সোৱণশিৰি কনজাৰ্ভেছন চছাইটিৰ সভাপতি গোপাল দলে, কেমেৰাত মাল্যাৰ্পন কৰে কনজাৰ্ভেছন চছাইটিৰ উপ-সভাপতি তথা ছেভ পবা ৰেইন ফৰেষ্টৰ মূখ্য উপদেষ্টা তথা প্ৰকৃতিপ্ৰেমী পূণ্যকান্ত মিলিয়ে আৰু নাৰিকল ভাঙে প্ৰাগ নিউজ চেনেলৰ জেষ্ঠ সাংবাদিক তথা জাফাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক কুশল শইকীয়াই । দিগন্ত সোনোৱালৰ কথা আৰু সুৰেৰে সজোৱা গীতটি সংগীতেৰে সজাইছে ঋতুপৰ্ণ সোনোৱালে আৰু প্ৰযোজনা কৰিছে পূণ্যকান্ত

মিলিয়ে । পৰিচালনাত দিগন্ত সোনোৱাল আৰু চিত্ৰনাট্য গায়ত্ৰী ভূঞা সোনোৱালৰ । গীতটিত কণ্ঠ দান কৰিছে দিগন্ত সোনোৱাল, মজিন সোনোৱাল, কাকলি হাজৰিকা, নেইনা প্ৰিয়ম প্ৰিয়দৰ্শিনী আৰু কাৰ্তিক ক্ৰান্তীয়ে । শুভ মহুৰত অনুষ্ঠানত আমাৰ অসম কাকতৰ জেষ্ঠ সাংবাদিক মজিন সোনোৱাল, সাংবাদিকদ্বয় ভূৱন গৌতম আৰু জিয়াউৰ আলি, শিক্ষক পদ্ম শইকীয়া, বিপুল শইকীয়া, দীপক গগৈ, বুবুল গগৈ, চন্দন খামটি আৰু তাৰিয়ণি বন খণ্ডৰ বনবিষয়া ৰাতুল মহন্ত লগতে বন কৰ্মীসকল উপস্থিত থাকে ।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments

Couldn’t Load Comments
It looks like there was a technical problem. Try reconnecting or refreshing the page.
OUR PROGRAM
bottom of page