top of page

দিখৌমুখৰ বানাক্ৰান্তৰ কাষত সদৌ তাই আহোম ছাত্ৰ সন্থা

Writer's picture: Timeline AsomTimeline Asom

আজি শিৱসাগৰৰ দিখৌমুখ দেউঘৰীয়াত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিয়ে বানাক্ৰান্ত তথা লকডাউনে জুৰুলা কৰা ৰাইজৰ কাষত উপস্থিত হৈ তেওঁলোকৰ দুখ-দুৰ্দশাৰ বুজ লয়। বানাক্ৰান্ত তথা লকডাউনে জুৰুলা কৰা প্ৰায় ১০০ টা পৰিয়ালক এসাঁজ খাব পৰাকৈ খাদ্য সামগ্ৰী বিতৰণ কৰে জিলা সমিতিৰ বিষয়ববীয়াসকলে । উক্ত কাৰ্যসূচীত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি মৌচম বৰগোহাঁই, উপ-সভাপতি দেৱজিত চেতিয়াকে মুখ্য কৰি সংগঠনটোৰ বহু কেইগৰাকী বিষয়ববীয়া উপস্থিত থাকে ।


- শিৱসাগৰৰ পৰা মাধৱ গগৈ প্ৰতিবেদন টাইমলাইন অসম।।

5 views0 comments

Recent Posts

See All

Comments


bottom of page