top of page

তিৱা লিবাৰেচন ফৌজ (আলোচনাপন্থী), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাহায্য বিতৰণ।।

Writer: Timeline Asom
Timeline Asom
Aug 2, 2020
1 min read

তিৱা লিবাৰেচন ফৌজ (আলোচনাপন্থী), অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজাৰবাৰী আঞ্চলিক সমিতিৰ বানাক্ৰান্তক সাহায্য বিতৰণ।।



মৰিগাঁও ৰাজহ চক্ৰৰ তিৱা পৰিষদীয় তেতেলীয়া সমষ্টিৰ অন্তৰ্গত এজাৰবাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বানাক্ৰান্তৰ শিবিৰ পৰিদৰ্শন কৰি তিৱা লিবাৰেচন ফৌজ (আলোচনাপন্থী) আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এজাৰবাৰী আঞ্চলিক সমিতিয়ে বন্যাৰ্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰে। উল্লেখনীয় কথাটো হ'ল-- তিৱা জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত আলোচনাৰ জৰিয়তে অস্ত্ৰ পৰিত্যাগ কৰি মূলসুঁতিলৈ ওভটি অহা অন্যতম সংগ্ৰামী নেতা মতিৰাম দেউৰীৰ নেতৃত্ব‌ত ৩১ জুলাই তাৰিখে এজাৰবাৰী গাঁও পঞ্চায়তৰ এলেকাধীন বেলগুৰি, মেৰুৱাগাঁও,

এজাৰবাৰী আৰু কৰৈবাৰী গাঁৱৰ ২২০ টা বানপীড়িত পৰিয়ালৰ মাজত চাউল বিতৰণ কৰে। উক্ত কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ উপদেষ্টা ললিত চন্দ্ৰ পাচনি, ৰন্টুমনি ডেকা, এজাৰবাৰী আঞ্চলিক সমিতিৰ সভাপতি ৰূপেশ্বৰ ডেকা, জীৱন জেউতি কৃষক সংঘৰ মুখ্য সমন্বয়ক তুলসী ডেকা, সমাজসেৱক মনিৰাম ডেকা, বিশ্ব ৰাজভৰ আৰু দিনেশ ডেকাই অংশগ্ৰহণ কৰে। দুৰ্গতসকলৰ মাজত সুখ-দুখৰ সমভাগী হোৱাত ভুক্তভোগী ৰাইজে সংগঠন দুটিৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।


মৰিগাঁৱৰ পৰা ভৰত কুমাৰ নাথৰ প্ৰতিবেদন টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page