top of page
  • Writer's pictureTimeline Asom

তিনিজন যুৱ-খেতিয়কৰ কৰুণ কাহিনী

তিনিজন যুৱ-খেতিয়কৰ কৰুণ কাহিনী ।। লকডাউনে ভাঙিলে তেওঁলোকৰ সপোন ।

নিজৰ অশেষ শ্ৰম আৰু ধন বিনিয়োগেৰে কৰা কৃষিডৰাৰ সন্মুখত আজি হুমুনিয়াহ তিনিজন যুৱকৰ । সোণাপুৰ নৰতাপৰ এওঁলোক ক্ৰমে পুলক কেলেং , ধৰ্মেশ্বৰ টুমুং আৰু লালবাহাদুৰ ভক্ত চেত্ৰী । তিনিওগৰাকীয়ে মিলি প্ৰায় ৩০ বিঘা ভূমি সামৰি গঢ়িছিল সেউজীয়া সপোন । লহপহকৈ বাঢ়িছিল ১০০ জোপা মালভোগ কল, অমিতা, ভোট-জলকীয়া আৰু নেমুটেঙাৰ গছ । নিজৰ গাঁথিৰ প্ৰায় ১ লাখমান ধন খৰছ কৰি গঢ়া এই বাগিছাখনত এতিয়া লকডাউনৰ হাতোৰা । চকুপানী টুকিবলগীয়া অৱস্থা তিনি বন্ধুৰ । কিয়নো ৰাজ্যজুৰি চলা লকডাউনৰ ফলত বজাৰ লাভ কৰা নাই উৎপাদিত ফচলে । প্ৰধানতঃ মালভোগ কল আৰু ভোটজলকীয়াৰ খেতিডৰা সন্মুখীন হৈছে ব্যাপক লোকচানৰ । সপোন ভাঙি হতাশ হৈ পৰা এই তিনি যুৱকে হেঁপাহেৰে ৰৈ আছে চৰকাৰৰ কৃপাদৃষ্টিৰ বাবে ।


সোণাপুৰৰ পৰা চন্দন মালাকাৰৰ প্ৰতিবেদন টাইমলাইন অসম ।।

5 views0 comments

Comments


bottom of page