top of page

ঢকুৱাখনাত ৩ খন দোকানত লুট-পাত

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 27, 2020
  • 1 min read

ঢকুৱাখনাত লকডাউন, সান্ধ্য আইনৰ মাজতে আৰক্ষীক ভেঙুচালি গভাইত চোৰৰ ।।

৩ খন দোকানত লুট-পাত

ree

ঢকুৱাখনা নগৰত অব্যাহত থকা দেওবৰীয়া লকডাউন আৰু সন্ধিয়া ৭ বজাৰ পৰা সান্ধ্য আইনৰ মাজতে আৰক্ষী থানাৰ পৰা মাত্ৰ এশ মিটাৰ দুৰত্বৰ তিনিখন দোকানত যোৱা নিশা চলিল গভাইত চোৰৰ চাফাই অভিযান।

ঢকুৱাখনা আৰক্ষী থানাৰ পৰা মাত্ৰ ১০০ মিটাৰ দূৰত্বত থকা মাণিক বজাৰৰ চন্দ্ৰ শইকীয়াৰ ৱাইন শ্বপ, বসন্ত দত্তৰ মোবাইলফোনৰ দোকান আৰু বিতুল গগৈৰ কাপোৰৰ দোকানত চোৰে লোৰ ৰদেৰে তলা ভাঙি লুট-পাত চলাই লৈ গ'ল মোবাইল ফোন, কম্পিউটাৰৰ মনিটৰ,

বিভিন্ন বেণ্ডৰ বিলাতী সুৰাৰ কাৰ্টন, কাপোৰকে আদি কৰি নগদ ধনসহ প্ৰায় তিনি লাখৰো অধিক টকাৰ সামগ্ৰী। উল্লেখ্য যে ঢকুৱাখনা নগৰত থকা দুটাকৈ হাই মাচ লাইটৰ পোহৰত ঢকুৱাখনা আৰক্ষীৰ অস্তিত্বক ভেঙুচালি কৰি যোৱা নিশা চোৰে সফল অভিযান চলোৱাত ঢকুৱাখনাৰ সৰ্বসাধাৰণ ৰাইজৰ আৰক্ষীৰ ভুমিকাক লৈয়ো সন্দেহ উপজিছে।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইমলাইন অসম

Comentarios


OUR PROGRAM
bottom of page