top of page

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানত বিধস্ত ১.৫০ কোটি টকীয়া চেগ বান্ধ ব্ৰহ্মপুত্ৰৰ সোঁতক ভেটা দিয়াৰ চেষ্টা

  • Writer: Timeline Asom
    Timeline Asom
  • Jun 30, 2020
  • 1 min read

ঢকুৱাখনাত ব্ৰহ্মপুত্ৰৰ বানত বিধস্ত ১.৫০ কোটি টকীয়া চেগ বান্ধ / ব্ৰহ্মপুত্ৰৰ সোঁতক ভেটা দিয়াৰ চেষ্টা জল সম্পদ বিভাগৰ ।।



ঢকুৱাখনা-মাজুলীৰ জনসাধাৰণৰ জীৱন-

সম্পত্তিৰ সুৰক্ষা-কবচ স্বৰূপ চিচি-টেকেলিফুটা মাথাউৰিত খুন্দা মৰা ব্ৰহ্মপুত্ৰৰ বানৰ প্ৰৱল সোঁতক প্ৰতিহত কৰিবলৈ বাহিৰ-বান্দেনাত এছ.ডি.আৰ.এফ.

ৰ পুঁজিৰে নিৰ্মাণ কৰা ১ কোটি ৫০ লাখ টকাৰে নিৰ্মিত চেগ-বান্ধৰ প্ৰায় ৪৫ মিটাৰ অংশ সোঁতে খহাই নিয়ে ।


ঢকুৱাখনা জলসম্পদ বিভাগে এই চেগ-বান্ধটোৰ সুৰক্ষাৰ কাম খৰালিতে ভালদৰে নকৰাত আৰু এতিয়া ব্ৰহ্মপুত্ৰৰ সোঁতে তীব্ৰ বেগত খুন্দিয়াই থকাত ইয়াৰ কাষত স্থাপন কৰা জিঅ'বেগ, গ্ৰেভিয়ন কাৰ্পেট

আদিও বিধস্ত হৈ পৰিছে।


ব্ৰহ্মপুত্ৰৰ সোঁতৰ খুন্দাৰ পৰা চেগ-বান্ধটোক বচাবলৈ জলসম্পদ বিভাগে এতিয়া বাঁহৰ স্পাৰ আৰু মাটিভৰোৱা জিঅ'বেগ স্থাপনৰ কাম কৰিছে যদিও কামৰ লেহেমীয়া গতিত নৈপৰীয়া ৰাইজ সন্তুষ্ট হোৱা নাই।


ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইম লাইন অসম ।।।


Comments


OUR PROGRAM
bottom of page