ঢকুৱাখনাত বানত নষ্ট শ শ বিঘা পকা আহুধানৰ খেতি /দোৱা ধানৰ মুঠি,দাঙৰি উটি গ'ল বানত/ কাচি লগাবলৈ নাপালে বহু কৃষকে ।।
নেৰানেপেৰা বৰষুণৰ ফলত উফন্দি উঠা ব্ৰহ্মপুত্ৰৰ বানে ঢকুৱাখনাৰ মাতমৰা আৰু পূৱ-ঢকুৱাখনা পঞ্চায়তৰ দহখনৰো অধিক গাঁৱৰ কৃষকে বছৰৰ বাবে যোৰাকৈ কৰা আহুধান পকাৰ সময়তে বানে বুৰাই পেলোৱাত ৫ শতাধিক নৈপৰীয়া কৃষিজীৱী পৰিয়ালৰ মুৰত সৰগ ভাগি পৰিছে।
মাতমৰা, কাংকানচাপৰি, বাঘচুক, বান্দেনা,
বাহিৰ-বগৰী, লুতাচুৰ, চৰণচুক আৰু যোগীসুঁতিকে আদি কৰি বহু গাঁৱৰ ৰাইজে প্ৰত্যেক বছৰেই মাথাউৰিৰ বাহিৰৰ চাপৰিত কৰে শ শ বিঘা আহু আৰু বাওধানৰ খেতি।
এইবাৰ ধান পকিবলৈ লোৱাৰ সময়তে আহাৰৰ বানে ডুবাই পেলোৱাত বহু পৰিয়ালে কাচি লগাবলৈকে নাপালে। কিছুমানে আগতীয়াকৈ ধান কাটিছিল যদিও মুঠি-দাঙৰি চপাবলৈকে নাপালে।
সকলো উটি গ'ল বানত। কেৱল কৃষিকৰ্মকেই উপাৰ্জনৰ মুখ্য কৰি জীৱন-যাপন কৰা পাঁচ শতাধিক কৃষকৰ অন্ধকাৰ ভৱিষ্যতলৈ চকু দিবনে চৰকাৰে আৰু চৰকাৰৰ কৃষিবিভাগে ?
ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন
টাইমলাইন অসম।
Comments