top of page
  • Writer's pictureTimeline Asom

ঢকুৱাখনাত পেভিলিয়ন নিৰ্মাণত অনিয়ম

। স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ শ্ৰমিকক কামত ব্যৱহাৰ ।


প্ৰশাসনিকভাৱে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিকভাৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত গন্ধিয়া হাইস্কুলৰ খেলপথাৰত ২ কোটি ৩৭ লাখ টকাৰে ধেমাজি গড়কাপ্তানি বিভাগৰ গৃহ সংমণ্ডলৰ অধীনত ক্ৰীড়া পেভিলিয়ন নিৰ্মাণত ঠিকাদাৰে লুণ্ঠনৰ স্বাৰ্থত নিম্নমানৰ সামগ্ৰীৰে পালমৰা কাম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজৰ লগতে পশ্চিম মাছখোৱা আছু, আটাছুকে ধৰি কেইবাটাও দল-

সংগঠনৰ প্ৰতিনিধিয়ে।



স্থানীয় ৰাইজৰ অভিযোগমতে ধেমাজিৰ দিলীপ বৰা নামৰ এগৰাকী ঠিকাদাৰে গন্ধিয়া হাইস্কুলৰ খেলপথাৰত নিৰ্মাণ কৰি থকা

ক্ৰীড়া পেভিলিয়নখনৰ খুঁটাৰ লগতে বীম আৰু ঢালাইত ফলিয়াশিলৰ পৰিবৰ্তে পথত দিয়া গ্ৰেভেলৰ জোখৰ শিলগুটি অধিক পৰিমাণে ব্যৱহাৰ কৰাৰ ফলত ফৰ্মা খোলাৰ লগে লগে বিভিন্ন অংশত ডাঙৰ শিল আৰু তাৰ কাষে কাষে ফাক উলাই পৰিছে। এই কথাই প্ৰমাণ কৰে যে ঢালাই সঠিকমতে কৰা হোৱা নাই। কিয়নো বহু ঠাইত এইদৰে থকা ফাঁকবোৰ ৰাইজৰ চকুত নপৰিবলৈ ইতিমধ্যে মিস্ত্ৰীয়ে চিমেন্ট ঘঁহি ঢাকি দিছে। ইফালে, পেভিলিয়নৰ খুঁটাৰ তলৰ অংশত মাটি ভৰাবলৈ যিটো ৱাল গাঁঠিছে তাৰ ইটাবোৰো উন্নতমানৰ নহয় বুলি ৰাইজে অভিযোগ কৰাৰ লগতে পেভিলিয়নৰ শৌচাগাৰ, প্ৰসাৱগাৰ নিৰ্মাণৰ ইটাৰ মাজতো যথেষ্ট নিম্নমানৰ ইটা ব্যৱহাৰ কৰিছে বুলি অভিযোগ কৰে।

ইফালে অতি গুৰুত্বপূৰ্ণ কথা যে ঠিকাদাৰ গৰাকীয়ে ২জুনত মানকাচাৰৰ পৰা অহা ৬ জনীয়া এটা শ্ৰমিকৰ দলক গুৱাহাটীৰ পৰা নিজৰ গাড়ীৰে ধেমাজিলৈ আনে। এই ছয়জনকৈ শ্ৰমিকক স্বাস্থ্য পৰীক্ষাৰ অবিহনে নিজৰ এটা ঘৰত ৰাখি কাম কৰোৱাৰ লগতে তাৰ পৰা প্ৰায় ১০-১২ দিনমান পূৰ্বে সেই ছয়জন মিস্ত্ৰীকে আনি গন্ধিয়াত পেভিলিয়ন নিৰ্মাণৰ কামত নিয়োজিত কৰে। এই সন্দৰ্ভত স্বাস্থ্যবিভাগৰ লগত কোনোধৰণৰ যোগাযোগ নৰখাকৈ মাছখোৱা আৰু ঘিলামৰা আৰক্ষীক বিষয়টো জনায়েই বহিৰ্জিলাৰ লোক ছয়জনক কামত লগাই থকাৰ কথাটো স্থানীয় ৰাইজে সহজভাৱে ল'ব পৰা নাই।বিষয়টোৰ সন্দৰ্ভত স্থানীয় গাঁওবুঢ়াই জনোৱামতে, তেওঁ কথাটো গম পায়েই আহি মিস্ত্ৰীসকলক সোধপোচ কৰে যদিও ঠিকদাৰে গাঁওবুঢ়াজনক লোক ছয়জনৰ সকলো স্বাস্থ্য পৰীক্ষা ঠিকেই আছে বুলি কৈ কাম চলোৱাত বাধা নিদিবলৈ একপ্ৰকাৰ সকিয়ণি দিয়ে।

কিন্তু আজি টাইমলাইন অসৰ প্ৰতিবেদকে পেভিলিয়নৰ নিৰ্মাণস্থলীত গৈ উপস্থিত হৈ মিস্ত্ৰীসকলৰ পৰা সবিশেষ জানিব বিচৰাত তেওঁলোকে সত্য কথা স্বীকাৰ কৰে। তেওঁ লোকক গুৱাহাটীৰ পৰা এমাহ আগতে আনি ধেমাজিত কাম কৰোৱা আৰু তাৰ পৰা গন্ধিয়ালৈ আনি কামত লগোৱালৈকে কোনোধৰনৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা

হোৱা নাই।

কভিড-১৯-ৰ দৰে এটা স্পৰ্শকাতৰ বিষয়ৰ তথ্য লুকাই মিছা কথাৰে শ্ৰমিকক কামত নিয়োগ কৰি ৰখা ঠিকাদাৰজনৰ

বিৰুদ্ধে শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।লগতে শ্ৰমিকসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈও দাবী জনাইছে।

ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইম লাইন অসম ।। #timeline_assam

8 views0 comments

Commenti


bottom of page