ডবকাৰ মোৰাঝাৰত অপৰিৱৰ্তিত কৃত্ৰিম বানে ধাৰণ কৰিছে সংহাৰী ৰূপ। একাংশৰ নিজা স্বাৰ্থ উদ্ধাৰৰ বাবে ভেটা দিয়াত আবদ্ধ পানীয়ে বিপদ মাতিছে অঞ্চলবাসীৰ।
চৰকাৰ পৰিবৰ্তন হ'ল। মন্ত্ৰী সলনি হ'ল। বিধায়কো বদলি হ'ল। বদলি নহ'ল, জন-প্ৰতিনিধি আৰু বিভাগীয় বৰমুৰীয়াৰ স্বভাৱ । অভিযোগ দিয়াৰ পিছতো কমিচনৰ চিন্তাত গা নলৰে দুৰ্নীতিগ্ৰস্থ বিষয়াৰ। বিন্নাকান্দি উন্নয়ন খণ্ডৰ ফোপোলা স্বৰূপ উদঙাইছে মোৰাঝাৰ সপ্তাহিক বজাৰৰ উত্তৰ দিশত থকা জলমগ্ন অঞ্চলে। একাংশ ধনবল আৰু বাহুবল থকা উগ্ৰ-প্ৰকৃতিৰ লোকে বৰষুণৰ পানী যোৱা ৰাস্তা বন্ধ কৰি দিয়াত আবদ্ধ পানীৰ বাবে ভয়ংকৰ বিপদৰ উপক্ৰম ঘটিছে মোৰাঝাৰ সাপ্তাহিক বজাৰৰ উত্তৰ দিশত থকা সহস্ৰাধিক দৰিদ্ৰ পৰিয়ালৰ। নেৰা-নেপেৰা বৰষুণৰ ফলত ঘৰ-বাৰী আৰু শতাধিক বিঘা কৃষি ভূমিৰ বিস্তৰ ক্ষতি সাধন ঘটিছে। এলেকাটোত কোনো ধৰণৰ নলা-নৰ্দমাৰ ব্যৱস্থা নথকাৰ বাবেই আবদ্ধ হৈ থকা বৰষুণৰ পানীৰ পৰিমাণ বৃদ্ধি হোৱাত কৃত্ৰিম বানৰ ফলত সহস্ৰাধিক পৰিয়াল বানৰ কবলত পৰিছে। দিনক দিনে আবদ্ধ পানী বৃদ্ধি পোৱাত কণকণ শিশুকে আদি কৰি অঞ্চলবাসীৰ মুৰত বিপদৰ ঘন্টা বাজিছে। স্থানীয় জন-প্ৰতিনিধিক অভিযোগ কৰাৰ পিছতো ৰহস্যজনক বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ এইসকল দুৰ্ভগীয়া জনতাৰ। জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে জলমগ্ন হৈ পৰা অঞ্চলটোৰ অসহায় ৰাইজে।
ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন
Comments