top of page

ডবকাত সাংবাদিক নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি বিভিন্ন প্ৰেছক্লাবৰ স্মাৰক পত্ৰ প্ৰেৰণ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

ডবকাত সাংবাদিক নিৰ্যাতনৰ ঘটনাক কেন্দ্ৰ কৰি অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে আদি কৰি পাঁচগৰাকী উচ্চপদস্থ বিষয়ালৈ হোজাই জিলাৰ বিভিন্ন প্ৰেছক্লাবৰ স্মাৰক পত্ৰ প্ৰেৰণ।

ree

হোজাই জিলাৰ এগৰাকী সহকাৰী আয়ুক্তৰ কৰ্মকাণ্ডই লজ্জিত কৰিছে জিলা প্ৰশাসনক। লকডাউনৰ সুযোগ লৈ নিৰীহ লোকক একাংশ প্ৰশাসনিক বিষয়াৰ নেতৃত্বত নিৰ্যাতনৰ বলি হোৱাৰ প্ৰায়ে অভিযোগ উত্থাপিত হৈছিল। বহু সময়ত বাতৰিও প্ৰচাৰ হৈছিল। কিন্তু এনে বিষয়াৰ বিৰুদ্ধে প্ৰশাসনে লোৱা নাছিল কোনো ব্যৱস্থা । যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী সহকাৰী আয়ুক্তৰ নেতৃত্বত CRPF-ৰ নিৰ্যাতনৰ বলি হ'বলগীয়া হ'ল এগৰাকী নিষ্ঠাবান কৰ্তব্যৰত সাংবাদিক। চাৰি জুলাইৰ নিশা ডবকা চহৰত CRPF-ৰ এটা দল লৈ জংমিৰ ৰাংফাৰপী নামৰ সহকাৰী আয়ুক্ত গৰাকী হঠাতে উপস্থিত হৈ বজাৰত থকা লোকক মাৰধৰ কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক আব্দুল হেকীমক দণ্ডাধীশ গৰাকীৰ চকুৰ সমূখতে কোনো সোধ-পোচ নকৰাকৈয়ে আক্ৰমণ কৰিছিল CRPF-ৰ দলে। ঘটনা সংক্ৰান্তত সাংবাদিক আব্দুল হেকীমে দণ্ডাধীশসহ চাৰি CRPF- জোৱানৰ বিৰুদ্ধে ডবকা আৰক্ষীত এটা গোচৰো ৰুজু কৰিছে। কিন্তু এগৰাকী দণ্ডাধীশৰ চকুৰ সমূখতে CRPF- জোৱানে সাংবাদিকক গৰাকী লগতে কৰা অশালীন আচৰণক সহজভাৱে ল'ব পৰা নাই জিলাখনৰ বিভিন্ন প্ৰেছ ক্লাবৰ লগতে দ'ল সংঘটনে। ঘটনাক কেন্দ্ৰ কৰি সামাজিক মাধ্যমকে আদি সৰ্বত্ৰে এতিয়া কেৱল ধিক্কাৰ, গৰিহণা। ইফালে ঘটনাৰ ন্যায় বিচাৰি ডবকা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান, ৰাজ্যিক তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালকৰ লগতে তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত সচিব আৰু মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে হোজাই জিলাৰ বিভিন্ন প্ৰেছ ক্লাৱে৷



ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন

টাইমলাইন অসম

Comentários


OUR PROGRAM
bottom of page