top of page

ডবকাত কৰ'ণা-সৈনিক সংবাদকৰ্মীক CRPF জোৱানৰ প্ৰহাৰ

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 5, 2020
  • 1 min read

ডবকাৰ সাংবাদিক আব্দুল হেকীমক প্ৰহাৰ কৰা ঘটনাই সৃষ্টি কৰিছে ব্যাপক প্ৰতিক্ৰিয়াৰ।



হোজাইৰ ডবকাত লকডাউনৰ নামত ৰাইজৰ লগতে সাংবাদিকক শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । দণ্ডাধীশসহ চাৰি CRPFৰ বিৰুদ্ধে ডবকা থানাত গোচৰ ৰুজু কৰিছে ডবকাৰ সাংবাদিক আব্দুল হেকীমে। হোজাইৰ জংমিৰ ৰাংপাহৰপী নামৰ এগৰাকী সহকাৰী আয়ুক্তই শনিবাৰে নিশা CRPF বাহিনী লগাই জধেমধে নিৰীহ লোকক মাৰপিট কৰাৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক CRPF বাহিনীয়ে আক্ৰমণ কৰাৰ গুৰুত্বৰ অভিযোগ তুলি ডবকা আৰক্ষীত ইতিমধ্যে গোচৰ তৰিলে ডবকাৰ সাংবাদিক আব্দুল হেকীমে। ঘটনা সংক্ৰান্তত ডবকা আৰক্ষীয়ে সহকাৰী আয়ুক্ত গৰাকীৰ লগতে চাৰিজন CRPF ৰ বিৰুদ্ধে 220/2020 U/S 325/427/32 ধাৰাত গোচৰ পঞ্জীয়ন কৰি আৰাম্ভ কৰিছে ঘটনাৰ তদন্ত । এই ঘটনাই ডবকাৰ লগতে সমগ্ৰ হোজাই জিলাত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বৰ্বৰতাৰ উচিত তদন্তৰ দাবী জনাইছে জিলাখন দল-সংগঠনৰ লগতে বিভিন্ন প্ৰেছ ক্লাবে।


ডবকাৰ পৰা হাচনুল ইছলামৰ প্ৰতিবেদন

টাইম লাইন অসম

Comments


OUR PROGRAM
bottom of page