ড° শীলা বৰঠাকুৰৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু স্মৃতিচাৰণ অনুষ্ঠান
- Timeline Asom
- Jul 2, 2020
- 1 min read
যোৰহাট জিলাৰ লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত পদ্মশ্ৰী ড°শীলা বৰঠাকুৰৰ স্মৃতিত সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আৰু স্মৃতিচাৰণ অনুষ্ঠান

যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিয়ে যোৰহাট লেখিকা সমাৰোহ (শাখা )ৰ সহযোগত প্ৰীতম ভৱনত সামাজিক দূৰত্ব মানি প্ৰশাসনৰ নিয়ম অনুসৰি পোন্ধৰ গৰাকী বিষয়ববীয়াৰ উপস্থিতিত সদৌ অসম লেখিকা সমাৰোহৰ প্ৰতিষ্ঠাপক, জন্মদাত্ৰী তথা পদ্মশ্ৰী সন্মান প্ৰাপক ড° শীলা বৰঠাকুৰৰ ১জুলাইত তেখেতৰ আদ্য শ্ৰাদ্ধৰ দিনা সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । অনুষ্ঠানৰ আঁত ধৰে যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সহকাৰী সম্পাদিকা সন্ধ্যা ৰাণী বেজবৰুৱাই। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপদেষ্টা কবিতা ৰাজগুৰুৱে শীলা বৰঠাকুৰৰ প্ৰতিচ্ছৱিত বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানটোত শিশু সাহিত্যিক দ্বীপিকা বৰুৱা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্রী, শিক্ষাবিদ
বিনীতা দত্ত, যোৰহাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্রী অপৰাজিতা বৰপূজাৰী, যোৰহাট লেখিকা সমাৰোহৰ সভানেত্রী মামনি বৰুৱাকে আদি কৰি উপস্থিত প্ৰতিগৰাকীয়ে শ্ৰদ্ধাঞ্জলি জনায়।
সৰ্বধৰ্মীয় প্ৰাৰ্থনাত শকুন্তলা দেৱীয়ে গীতা পাঠ, আৰেচা বেগমে কোৰাণ পাঠ, ইৰা মাৰাকে বাইবেল পাঠ, দীপালি গগৈ বৰুৱা, ইন্দিৰা পাও গগৈ, গায়ত্ৰী গগৈয়ে আইচিং লাও পৰিৱেশন কৰে। মামনি বৰুৱা, দীপালি গগৈ বৰুৱা, গায়ত্ৰী গগৈ, ইন্দ্রাণী গগৈয়ে ঘোষা পাঠ কৰে। দীপিকা বৰুৱা,বিনীতা দত্ত, কবিতা ৰাজগুৰু , অপৰাজিতা বৰপূজাৰী, ইন্দ্ৰাণী গগৈৰ একাষাৰত শীলা বৰঠাকুৰৰ বহুমূখী প্ৰতিভা, সমাজলৈ আগবঢ়োৱা অৱদান, লগ পোৱাৰ অভিজ্ঞতা আদি ৰোমন্থন কৰে। মামনি বৰুৱাৰ গীত পৰিৱেশন, সন্ধ্যা ৰাণী বেজবৰুৱাৰ প্ৰাৰ্থনাৰে স্মৃতিচাৰণ কৰা হয়। শেষত শলাগৰ শৰাই আগবঢ়াই যোৰহাট লেখিকা সমাৰোহৰ সহকাৰী সম্পাদিকা সন্ধ্যা ৰাণী বেজবৰুৱাই।

এই অনুষ্ঠান সামৰাৰ পাছতেই যোৰহাট লেখিকা সমাৰোহৰ সদস্যা , সমাজসেৱিকা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বন্তি অধ্যাপকৰ মৃত্যুত সকলো সমবেত হৈ শোক প্ৰস্তুাৱ গ্ৰহণ কৰে আৰু এক মিনিট মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি মৃতকৰ আত্মাৰ চিৰ শান্তি কামনা কৰে।
মাজুলীৰ পৰা
ৰজনীকান্ত বৰদলৈ
টাইমলাইন অসম
Comments