top of page

ডিমৌ শাখা কবি সন্মিলনৰ "চোতাল অনুষ্ঠান"

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 3, 2020
  • 2 min read

ডিমৌ শাখা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী "চোতাল অনুষ্ঠান"


ree

সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যৰ এই জটিল সন্ধিক্ষণত চৰকাৰী সকলো নীতি নিৰ্দেশনা মানি চলি কৰুণা মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ সমান্তৰালভাৱে সৃষ্টিৰ ধাৰা অব্যাহত ৰখা আৰু সেই সৃষ্টিক জনমুখী কৰাৰ মানসেৰে সোমবাৰে আবেলি ডিমৌ শাখা কবি সন্মিলনৰ সভাপতি জিতেন নাথৰ চোতালত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী

" চোতাল " নামৰ এক মননশীল অনুষ্ঠান অনুষ্ঠিত হয়। শিৱসাগৰ জিলা কবি সন্মিলনৰ সহকাৰী সম্পাদক তথা ডিমৌ শাখা কবি সন্মিলনৰ সম্পাদক অভিজিত গগৈয়ে আঁতধৰা অনুষ্ঠানটিত ভিডিঅ' কনফাৰেন্স যোগে বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি হৰেন গগৈ, শিৱসাগৰ জিলা কবি সন্মিলনৰ সম্পাদক প্ৰশান্ত কুমাৰ নাথ , বিশিষ্ট কবি গংগামোহন মিলি । ডিমৌ শাখা কবি সন্মিলনৰ সভাপতি জিতেন নাথৰ সঞ্চালনাত আবেলিৰ কবিতা শীৰ্ষক কবিতা পাঠ অনুষ্ঠানত বিশিষ্ট কবি হৰেন গগৈ , গংগামোহন মিলি,প্ৰশান্ত কুমাৰ নাথ, কবি মৃণাল ৰঞ্জন গগৈ,প্ৰমোদ আৰান্ধৰা,কুঞ্জ দেৱী উপাধ্যায়,অঞ্জনা উজীৰ

সাহা,দিতীমণি দত্তৰ লগতে প্ৰায় ১৫ গৰাকী ন পুৰণি কবিয়ে কবিতা পাঠ কৰে। এই অনুষ্ঠানটিত সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি হৰেন গগৈয়ে কয় যে এই দুৰ্দিনৰ সময়ত সৃষ্টিৰ ধাৰা অব্যাহত ৰখাৰ বাবে ডিমৌ শাখা কবি সন্মিলনে যি পদক্ষেপ হাতত ল'লে সেয়া সঁচাকৈয়ে প্ৰশংসনীয় আৰু নতুন কবি সকলে অক্লান্ত অনুশীলনৰ যোগেদি শ্ৰেষ্ঠৰ পৰা শ্ৰেষ্ঠতম সৃষ্টি সাহিত্য জগতলৈ আগবঢ়াব বুলি আমি আশাবাদী । ইয়াৰ উপৰিও বিশিষ্ট কবি গংগামোহন মিলিয়ে কয় যে "আজিৰ দুৰ্যোগৰ সময়তো কবি সকল একত্ৰিত হৈ কবিতাক জনমুখী কৰাৰ চেষ্টাই আমাক আনন্দিত কৰিছে"। উক্ত অনুষ্ঠানটিত কবিতাৰ উপৰিও ভাওনাৰ সংলাপ, কবিতা আবৃত্তি কৰে গীতালী শৰ্মা আৰু দিতীমণি দত্তয়ে। এই অনুষ্ঠানতে আবৃত্তিকাৰ অভিজিত দত্তই বিশিষ্ট কবি গংগামোহন মিলিৰ এটি কবিতা আবৃত্তি কৰি সকলোকে আপ্লুত কৰে ।অনুষ্ঠানটিত শাখাৰ উপদেষ্টা ললিত কুমাৰ দেউৰীৰ লগতে কেইবাগৰাকী কাব্যনুৰাগী ব্যক্তি উপস্থিত থাকে। শেষত সদৌ অসম কবি সন্মিলনৰ কাব্য মন্ত্ৰ পাঠেৰে মননশীল অনুষ্ঠানটি সামৰণি পৰে।


ডিমৌৰ পৰা অভিজিত গগৈ

টাইমলাইন অসম ।।

1 commento


মণ্টু খাউণ্ড
মণ্টু খাউণ্ড
04 lug 2020

সুন্দৰ ।

Mi piace
OUR PROGRAM
bottom of page