top of page

জৰাজীৰ্ণ কাঠৰ দলং ।

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 24, 2020
  • 1 min read

যোগাযোগ বিচ্ছিন্ন হোৱাৰ পথত বৃহত্তৰ বোকানলাবাসী ৰাইজ ।।

তিনি বছৰে নিৰ্মাণ নহ'ল দীৰ্ঘা নদীৰ পকী দলংখন ।। জৰাজীৰ্ণ হৈ ভাঙি পৰিছে কাঠৰ দলং ।


লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডৰ চিয়াজুলী পঞ্চায়তৰ দীৰ্ঘা নদীৰ ওপৰত থকা একমাত্ৰ কাঠৰ দলংখন জৰাজীৰ্ণ হৈ পৰাৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকা বৃদ্ধি পাইছে।


প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত চিয়াজুলিৰ পৰা বোকানলা হৈ ২নং ভঙাবিল সংযোগী পথৰ কামৰ লগতে দীৰ্ঘা নদীৰ ওপৰত নিৰ্মীয়মান পকীদলঙৰ কাম যোৱা এবছৰে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত ৰাইজ যাতায়তৰ ক্ষেত্ৰত বিপদত পৰিবলগীয়া হৈছে ।


উল্লেখযোগ্য যে ৰাইজৰ দুখৰ চিৰদিনৰ বাবে অন্ত পেলাবৰ বাবে পথটোৰ লগতে দীৰ্ঘা নদীৰ ওপৰত কাঠৰ দলংখনৰ কাষতে নিৰ্মাণ কৰি থকা পকী দলঙখন নিৰ্মাণৰ বাবে নিৰ্ধাৰণ কৰা তাৰিখ উকলি যোৱাৰ পাছতো কাম সম্পূৰ্ণ হৈ নুঠিল আৰু এতিয়া যোৱা এবছৰৰ পৰা নিৰ্মাণ কাৰ্য্য সম্পুৰ্ণৰূপে বন্ধ হৈ পৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে ।


সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে স্থানীয় বিধায়ক নৱ কুমাৰ দলেৰ লগতে চৰকাৰক অনুৰোধ জনাইছে পথ আৰু দলংখনৰ কাম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ।


বগীনদীৰ পৰা ভূবন গৌতমৰ প্ৰতিবেদন টাইমলাইন অসম ।

Comments


OUR PROGRAM
bottom of page