top of page

জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দুৰ্বিসহ যাতায়ত

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 8, 2020
  • 1 min read

এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে দুৰ্বিসহ যাতায়ত ৫ খনৰো অধিক গাঁৱৰ ৰাইজৰ ।


দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ বছৰৰ পাছতো কোনোধৰনৰ উন্নয়নৰ প্ৰভাৱ নপৰিল প্ৰশাসনিকভাৱে ঢকুৱাখনা মহকুমাৰ আৰু ৰাজনৈতিক ভাৱে ধেমাজি সমষ্টিৰ অন্তৰ্গত শিমলুদোঙা অঞ্চলৰ বহু কেইখন গাঁৱত ।

গন্ধিয়া গাঁও পঞ্চায়তৰ কান্ধুলিমাৰিৰ পৰা হাৰ্হি গাঁওপঞ্চায়তৰ মাজুলী গাঁৱলৈকে সংযোগী পথৰ হাৰ্হি নদীৰ ওপৰত থকা এইখন বাঁহৰ জৰাজীৰ্ণ দলঙে বছৰ বছৰ ধৰি জীয়াতু ভোগাইছে ৫ খন গাঁৱৰ ৰাইজক।

শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যোৱা ৪ টা বছৰতো একোৱেই উন্নয়ন আৰু পৰিবৰ্তন নহ'ল কান্ধুলিমাৰীৰ পৰা মাজুলীগাঁও সংযোগী গড়কাপ্তানী পথটোৰ।

স্থানীয় ৰাইজে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ডা: ৰণোজ পেগুক পথটোৰ উন্নয়ন আৰু হাৰ্হি নদীত এখন দলং নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও একো কামত অহা নাই।

উল্লেখ্য যে প্ৰতিবছৰে ৰাইজে নিজাকৈ বাঁহৰ দলং বনাই যাতায়ত কৰাৰ বিপৰীতে এইবাৰ হাৰ্হি নদীত পঞ্চায়তৰ ফালৰ পৰা এখন দলং সাঁজি দিলে যদিও সেইখন যাতায়তৰ উপযোগী নহয়।

দলংখনৰ উচ্চতা মুল পথতকৈও তলত হোৱাৰ

বাবে যোৱাটো বানত বিধ্বস্ত

হৈ পৰিল । তাতে দলংখন সংযোগী মুৰ দুটাও যাতায়তৰ উপযোগী নহয়। সেইয়ে বানে বিধস্ত কৰিব নোৱৰাকৈ এখন ওখ বাঁহৰ দলং সদ্যহতে নিৰ্মাণ কৰি দিবলৈ ৰাইজে দাবী জনাইছে।

ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page