top of page

জৰাজীৰ্ণ বাঁহৰ দলঙে জ্বলা-কলা খোৱাইছে ৬খনৰো অধিক গাঁৱৰ ৰাইজক

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 9, 2020
  • 1 min read

ঢকুৱাখনাত দুখন জৰাজীৰ্ণ বাঁহৰ দলঙে জ্বলা-কলা খোৱাইছে ৬খনৰো অধিক গাঁৱৰ ৰাইজক।

দেশে স্বাধীনতা লাভ কৰাৰ ৭৩ টা বছৰ অতিক্ৰম কৰাৰ পাছতো কোনোধৰণৰ উন্নয়নৰ প্ৰভাৱ নপৰিল ঢকুৱাখনা বিধান সভা সমষ্টিৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ ফুচকৰামুখত অৱস্থিত এই দলং দুখনৰ। এনেদৰে এতিয়া টুলুঙা নাৱেৰে বিপদসংকুলভাবে ৰাইজে যাতায়াত কৰিব লগীয়া হৈছে।কেতিয়াবা এই দুৰৱস্থাৰ দলং ভাগি বাইচাইকেল আৰু মটৰ চাইকেলৰ সৈতে পানীত পৰাৰ উদাহৰণ আছে। ফুচকৰামুখ, নাগপুৰ আৰু কৰঙা সংযোগী পথৰ চামপৰা নৈৰ ওপৰত থকা এইখন বাঁহৰ জৰাজীৰ্ণ দলঙখনৰে বাসুদেৱথান, ঢকুৱাখনা মাজুলীলৈ যাতায়াত কৰিব পাৰি। কিন্তু জৰাজীৰ্ণ দলং দুখনৰ বাবে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে বিদ্যালয়ৰ ছাত্র-ছাত্ৰী, ৰোগী আৰু ৰাইজে। কি কংগ্ৰেছ কি এজিপি, কি বিজেপি কাৰোৰে কাণসাৰ নাই। আনকি শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ যোৱা ৪ টা বছৰ অতিক্ৰম কৰাৰ পাছতো দুয়োখন দলঙৰ নিৰ্মাণৰ কথা চিন্তা নকৰিলে। স্থানীয় ৰাইজে মন্ত্ৰী তথা বিধায়কক এখন দলং নিৰ্মাণৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও আজিলৈকে কোনো কামত অহা নাই।সেয়েহে দলংখন এতিয়াও কিয় পকীকৰণ কৰি দিয়া নাই তাকে লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন

টাইমলাইন অসম।

Commentaires


OUR PROGRAM
bottom of page