top of page

ছয়মাহ সম্পূৰ্ণনহওঁতেই বিধস্ত হ'ল পি.এম.জি.এছ.ৱাই.ৰ পথ

Writer: Timeline AsomTimeline Asom

নিৰ্মাণৰ ছয়মাহ সম্পূৰ্ণ নহওঁতেই বিধস্ত হ'ল পি.এম.জি.এছ.ৱাই.ৰ পথ ।।

সঠিকভাৱে মেৰামতিৰ দাবী দুৰ্নীতি বিৰোধী যুৱ শক্তি,অসমৰ ।

ঢকুৱাখনা মহকুমাৰ আমোলগুৰি তিনিআলিৰ পৰা শিমলুদোঙা সংযোগী ১,৩৬০ কি:মি: দৈৰ্ঘৰ পথটো পকীকৰণৰ ছয়টা মাহ সম্পূৰ্ণ নহওঁতেই শিমলুদোঙা দলঙৰ দুই মুৰৰ অংশৰ কাষে কাষে ফাট মেলি গৈছে । দলঙৰ দুই মুৰৰ এপ্ৰছত মাটি দিয়াৰ পিছত কোমল হৈ থাকোতেই খৰখেদাকৈ পকীকৰণৰ কাম কৰি থৈ যোৱাত বৰষুণ আৰু বানৰ বাঢ়নী পানীৰ হেঁচাতে বিধ্বস্ত হৈ পৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। ভাৰত চৰকাৰৰ গ্ৰাম্য উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত আৰু অসম চৰকাৰৰ গড়কাপ্তানি বিভাগৰ লখিমপুৰ ৰাজ্যিক সংমণ্ডলৰ অধীনত পেকেজ নং-এ.এচ. ১৫-২৮৭ অনুসৰি ১,৩৬০ কিঃমিঃ দৈৰ্ঘৰ পথটো ৩ কোটি ৩৩ লাখ ৯৬ হেজাৰ ৩৪৮ টকাৰে পকীকৰণৰ লগতে এখন আৰ.চি.চি. ব্ৰীজ আৰু দুটা কালভাৰ্ট নিৰ্মাণৰ ঠিকা লাভ কৰিছিল মাধৱ শইকীয়া নামৰ এজন ঠিকাদাৰে । স্থানীয় ৰাইজৰ লগতে "দুৰ্নীতি বিৰোধী যুৱ শক্তি, অসম''ৰ ঢকুৱাখনা আঞ্চলিক সমিতিৰ সভাপতি হোমেন শইকীয়াই কৰা অভিযোগ মতে-

'আমোলগুৰিৰ শিমলুদোঙালৈ পকী পথছোৱা যিদৰে প্ৰাক্কলনমতে নিৰ্মাণ কৰিব লাগিব সেইদৰে কৰা নহ'ল।পথটোত ফলা শিলৰ তৰপ আৰু আলকতৰাৰ তৰপ সঠিককৈ নিদিয়াত কেইবাঠাইতো ব্লেক টেপিং ফাটি গৈছে। তদুপৰি পথটোৰ দুয়োকাষে চাইদ-বাম যি পৰিমাণত মাটি তুলি নিৰ্মাণ কৰিব লাগিছিল সেইয়াও নিৰ্মাণ কৰা নহ'ল। ফলত নিৰ্মাণৰ ছয়টা মাহ সম্পূৰ্ণ নহওঁতেই পথটোৰ পকী দলঙৰ দুইটা মুৰৰ এটপ্ৰছ ফাটি বহি গৈছে আৰু ৰেইনকাটত খহি গৈছে পকী পথটোৰ কেইবাটাও অংশ। সেয়েহে দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ ঢকুৱাখনা আঞ্চলিক সমিতিয়ে পুনৰ সঠিকভাৱে পথটো মেৰামতিৰ দাবী জনাইছে গড়কাপ্তনি বিভাগৰ লগতে ঢকুৱাখনাৰ মহকুমা প্ৰশাসনক।

_ ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইম লাইন অসম ।।

Comments


OUR PROGRAM
bottom of page