চৰকাৰলৈ আশা নকৰি বান বিধ্বস্ত কলাইগাঁৱত ৰাইজে নিজেই নিৰ্মান কৰিলে নদী বান্ধ
জলসম্পদ বিভাগ তথা অসম চৰকাৰলৈ আশা নকৰি বান বিধ্বস্ত কলাইগাঁৱত ৰাইজে নিজেই নিৰ্মান কৰিলে নদী বান্ধ

কলাইগাঁও সমষ্টিৰ ননৈৰ বাঢ়নী পানীয়ে কলাইগাঁও অঞ্চলৰ বহুকেইখন গাঁৱৰ শস্য নষ্ট কৰে । কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলাইগাঁও আঞ্চলিক সমিতিৰ নেতৃত্বত স্থানীয় ৰাইজ বান্ধ নিৰ্মাণৰ বাবে ওলাই আহিল । চৰকাৰৰ সহায় নোহোৱাকৈ ৰাইজেই নিৰ্মাণ কৰিলে নদী বান্ধ। এনে কাৰ্যৰ বাবে অঞ্চলবাসী আজি সকলোৰে ওচৰত কৃতজ্ঞতাৰ প্ৰাত্র । নদীবান্ধ কাৰ্যত দৰং জিলাৰ যুৱ নেতা হুমায়ুন কবিৰো উপস্থিত থাকে।
স্বাভাৱিকতে প্ৰশ্নৰ উদয় হয় ৰাইজৰ মনত--- কিয় বছৰ বছৰ ধৰি সকলো দলৰেই চৰকাৰ সমূহে অসমৰ বান সমস্যা সমাধানত ব্যৰ্থ হৈ আহিছে? অসমীয়া সংবাদ পত্র "আমাৰ অসম"ত ১৩ মাৰ্চত প্ৰকাশ পোৱা তথ্যমতে ২০১৮-২০১৯ বৰ্ষত আৱন্টিত পুঁজিৰ বুজন পৰিমানৰ ধন ব্যয়ত ব্যৰ্থ অসম চৰকাৰৰ প্ৰায়বোৰ বিভাগ। জলসম্পদ(বান নিয়ন্ত্ৰণ) বিভাগক বৰ্ষটোত ১,১৪০.৯২ কোটি টকা আবন্টন দিয়া হৈছিল আৰু ব্যয় কৰিলে ৬৫৮.৪৯ কোটি টকা । ব্যয়ৰ হাৰ মাত্র ৫৮ শতাংশ। আনহাতে ২০১৭-২০১৮ বৰ্ষত জলসম্পদ(বান নিয়ন্ত্ৰণ) বিভাগে মাত্র ২১শতাংশহে ব্যয় কৰিছিল । নিজৰ সমস্যা নিজেই সমাধান কৰাৰ অভিপ্ৰায়ৰে কলাইগাঁওবাসীয়ে এনে মহৎ প্ৰচেষ্টা হাতত ল'লেও বানপানীৰ দৰে এটা ৰাষ্ট্ৰীয় সমস্যাৰ স্থায়ী সমাধান কৰিবলৈ ক্ষোভেৰে চৰকাৰক দাবী জনায় ।
- মঙলদৈৰ পৰা মৃদুল বড়াৰ প্ৰতিবেদন, টাইলাইন অসম ।।






Comments