top of page

চকুৰ পচাৰতে নদীত জাহ গ'ল ঢকুৱাখনা কলেজৰ কৰ্মচাৰীৰ কোৱাৰ্টাৰ

Writer: Timeline Asom
Timeline Asom
Jul 22, 2020
1 min read

জলসম্পদ বিভাগৰ নিম্নমানৰ কামৰ কু-ফল ।

ঢকুৱাখনা কলেজৰ অস্তিত্বৰ প্ৰতিও ভাবুকি ।

বানপানী আৰু গৰাখহনীয়াক কেৱল ধন ঘটাৰ এক আঁচনিৰূপে গণ্য কৰা জলসম্পদ বিভাগৰ ঠিকাদাৰ, অভিযন্তাৰ নিম্নমানৰ কামৰ বাবেই আজি বিয়লি চকুৰ পচাৰতে চাৰিকড়িয়া নদীৰ বুকুত জাহ গ'ল ঢকুৱাখনা মহাবিদ্যালয়ৰ দুজনকৈ কৰ্মচাৰীয়ে বাস কৰা মহাবিদ্যালয়ৰ চৌহদৰ কোৱাৰ্টাৰ।

উল্লেখ্য যে বুধবাৰে দিনৰ প্ৰায় দুই বজাৰ পৰা ঢকুৱাখনা মহাবিদ্যালয়ৰ পিছফালে হঠাৎ আৰম্ভ হয় চাৰিকড়িয়া নদীৰ ভয়ংকৰ খহনীয়া। খহনীয়াত পৰা এলেকাটোত বাস কৰি থকা মহাবিদ্যালয়ৰ দুজনকৈ কৰ্মচাৰীয়ে ঘৰৰ বয়-বস্তু উদ্ধাৰ কৰিবলৈ নাপাওতেই চকুৰ সন্মুখতে সকলো জাহ গ'ল নদীৰ বুকত। ঢকুৱাখনা কলেজৰ অস্তিত্বৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে খহনীয়াই।

- ঢকুৱাখনাৰ পৰা জ্ঞানশ্ৰী গগৈৰ প্ৰতিবেদন টাইম লাইন অসম ।।

Comments


OUR PROGRAM
bottom of page