top of page

চেঁচা নদীৰ বাঢ়নী পানীয়ে চিঙিলে ত্ৰিশ মিটাৰ মথাউৰি

  • Writer: Timeline Asom
    Timeline Asom
  • Jul 11, 2020
  • 1 min read

। ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন বিজেপিৰ ৰাজ্যিক সম্পাদক ড° অমিয় কুমাৰ ভূঞাৰ ।

অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা চেঁচা আৰু পিছলা নদীয়ে লখিমপুৰ জিলাৰ হাৱাজান অঞ্চলৰ কেইবাখনো গাঁও প্লাৱিত কৰিছে। প্ৰায় ডেৰ-দুই মাহৰ পূৰ্বে চেঁচা আৰু পিছলা নদীৰ বানত ১নং খলিহামাৰীৰ দলংগুৰিত ৭০ ফুট কৃষি বান্ধৰ চিগা অংশইদি সোমোৱা বাঢ়নীপানীয়ে অঞ্চলটোৰ গাঁওসমূহ প্লাৱিত কৰি কৃষিজীৱী ৰাইজৰ শস্য-মৎস্যকে ধৰি বিস্তৰ অনিষ্ট কৰিছে। উল্লেখ্য, শিমলুগুৰি-আঁৰিমৰা পথৰ পৰা কলমৌগুৰি-বৰ আটী আৰু গঁড়মৰা সংযোগী পথত পিছলা নদীৰ বাঢ়নী পানীয়ে দুঠাইত চিঙি পেলোৱাৰ ফলত মাজৰ দলনি, শিঙৰাজান, ধূনাগুৰি, ভাটমৌ, বৰ থেকেৰাবাৰী, ১নং খলিহামাৰী গাঁৱৰ মাজত যোগাযোগ বিচ্ছিন্ন কৰিছে। উক্ত বাঢ়নী পানীয়ে অঞ্চলটোৰ চাৰি শতাধিক পৰিয়ালৰ খেতিপথাৰ, বাৰীৰ শস্যকে ধৰি বিস্তৰ ক্ষতি কৰিছে।

আজি বিয়লি বিজেপিৰ ৰাজ্যিক সমিতিৰ সম্পাদক ড° অমিয় কুমাৰ ভূঞাই দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে উক্ত বান ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰি বিভাগীয় বিষয়াসকলৰ লগত টেলিফোনিক যোগাযোগ কৰি ক্ষতিগ্ৰস্ত অঞ্চলটোৰ ৰাইজৰ দীৰ্ঘদিনীয়া নদীকেন্দ্ৰিক বান সমস্যাটি স্থায়ী সমাধানৰ বাবে গণকদলনি পঞ্চায়তৰ অন্তৰ্গত উক্ত বান-ক্ষতিগ্ৰস্ত অঞ্চলৰ ৰাইজৰ লগত মত-বিনিময় কৰাৰ লগতে ছিগা অংশ ক্ষিপ্ৰতাৰে বান্ধি কৃষিজীৱী ৰাইজক উপকৃত কৰাৰ বাবে যাবতীয় ব‍্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনায়।

নাৰায়ণপুৰৰ পৰা জগত গগৈৰ প্ৰতিবেদন,

টাইমলাইন অসম ।।

Comments


OUR PROGRAM
bottom of page